২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান : শংকৰদেৱ কলাক্ষেত্ৰত ব্যাপক আয়োজন

ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অহা ২০ মাৰ্চত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷ পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ উদ্বোধনী সভা অনুষ্ঠিত হ’ব বিয়লি চাৰি বজাত ৷

ৰাজ্যৰ ৫০ গৰাকী জ্যেষ্ঠ আৰু প্ৰবীন সাংবাদিকে ৫০ গছি বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব ৷ প্ৰবীন সাংবাদিকসকলক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰা হ’ব ৷ উদ্বোধনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা , তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা , ৰাজ্যিক তথ্য আয়ুক্ত ড: সমুদ্ৰগুপ্ত কাশ্যপ আৰু বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে অংশগ্ৰহণ কৰিব ৷

সোণালী জয়ন্তী বৰ্ষ উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱে ৰাজ্যৰ চাৰিগৰাকী প্ৰবীন সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা , ধীৰেন্দ্ৰ নাথ বেজবৰুৱা , অনিল বৰুৱা আৰু কনকসেন ডেকালৈ আগবঢ়াব জীৱনজোৰা সাধনা সন্মান ৷ একেটা অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ‘স্বৰ্ণিল’ উন্মোচন কৰা হ’ব ৷ ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাবে আৱণ্টন দিয়া ভূমিত প্ৰেছ ক্লাৱৰ স্থায়ী গৃহৰ শিলান্যাসো সম্পন্ন কৰা হ’ব ৷ লগতে মুকলি কৰা হ’ব সাংবাদিকৰ সন্তানৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি – ‘গিফট এ চাইল্ড এডুকেশ্যন’ ৷

সন্ধিয়া ৬.৩০ বজাত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৷

সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ , , খগেন গগৈ , বিদ্যাসাগৰ , প্ৰিয়ংকা ভৰালী , দীপলিনা ডেকা , ৰূপম ভূঞা , পদ্মনাভ . শংকুৰাজ , নাহিদ আফ্ৰিনে গীত পৰিৱেশন কৰাৰ লগতে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ৷

সোণালী জয়ন্তীৰ এই উদ্বোধনী অনুষ্ঠানত সকলো সাংবাদিক আৰু সংবাদ কৰ্মীৰ লগতে শুভাকাংক্ষীৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ৷