ঠিকাদাৰ অনিল দাসৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী

সোমবাৰে ৰাজ্যৰ প্ৰভাৱশালী তথা মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ঠিকাদাৰ অনিল দাসৰ বাসগৃ্হ আৰু কাৰ্যালয়ত তালাচী চলালে আয়কৰ বিভাগে। সোমবাৰে পুৱাৰে পৰা চলিছে আয়কৰ বিভাগৰ এই তালাচী। 

এই তালাচী কি কাৰণে চলাইছে সেই বিষয়ত আয়কৰ বিভাগে স্পষ্টকৈ একো কোৱা নাই যদিও সূত্ৰ অনুসৰি জি এছ টিৰ সন্দৰ্ভত এই তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে।

অনিল দাসৰ মিৰ্জাত থকা বাসগৃহ আৰু কাৰ্যালয়ৰ লগতে গুৱাহাটীৰ হেঙেৰাবাৰীত থকা বাসগৃহতো চলি আছে এই তালাচী।

মহানগৰীত কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা লাভ কৰিছে অনিল দাসে। শেহতীয়াকৈ জু ৰোডৰ উৰণীয়া সেতু নিৰ্মাণ কৰি আছে তেওঁৰ মালিকাধীন ঠিকাদাৰী প্ৰতিষ্ঠানে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সমাজ কল্যাণ বিভাগৰ প্ৰভাৱশালী ঠিকাদাৰ নৃপেন দাসৰ বাসগৃহ আৰু কাৰ্যালয়তো চলিছিল আয়কৰ বিভাগৰ তালাচী।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰৰ তত্বাৱধানতে চলিছে আয়কৰ বিভাগৰ এই তালাচী অভিযান।