নৱেম্বৰত শ্বিলঙত অনুষ্ঠিত হ’ব ভাৰত আন্তৰ্জাতিক চেৰী ফুল মহোৎসৱ-২০১৮

conrad-cherry-750x375

নৱেম্বৰ মাহত শ্বিলঙত ভাৰত আন্তৰ্জাতিক চেৰী ফুল মহোৎসৱ-২০১৮ (India International Cherry Blossom Festival) অনুষ্ঠিত কৰাৰ যো-জা কৰা হৈছে।

নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই ১৬ অক্টোবৰ মঙলবাৰে এই কথা ঘোষণা কৰিছে।

নৱ্ম্বেৰৰ ১৪ৰ পৰা ১৭ তাৰিখলৈ এই  চেৰী ফুল মহোৎসৱ উদযাপিত হ’ব।

এই সময়োছোৱাত শ্বিলঙৰ প্ৰাকৃতিক পৰিৱেশ বগা আৰু বেঙুনীয়া ৰঙেৰে বোলোৱা এখন আপাতঃবাস্তৱিক কেনভাছলৈকে ৰূপান্তৰিত হয়।

উল্লেখ্য যে শ্বিলঙত উদযাপিত হ’বলগীয়া ভাৰত আন্তৰ্জাতিক চেৰী ফুল মহোৎসৱৰ তৃতীয় বৰ্ষ।

বছৰটোৰ এইখিনি সয়তেই শ্বিলঙত চেৰী ফুল প্ৰস্ফুতিত হয় আৰু এই সময়তেই মহোৎসৱৰ আয়োজনো কৰা হয়।

জৈৱ-সমল আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠান( Institute of Bio-resources and Sustainable Development) আৰু সাংস্কৃতিক পৰিক্ৰমাৰ ভাৰতীয় পৰিষদৰ (Indian Council of Cultural Relations) সহযোগত শাৰদীয় চেৰী ফুল মহোৎসৱৰ আয়োজন কৰিছে মেঘালয় ৰাজ্য চৰকাৰে।

শ্বিলঙত বাঁহগছৰ মাজে মাজে শাৰী শাৰীকৈ হাজাৰ হাজাৰ জোপা চেৰী গছ ৰোপণ কৰা হৈছে।এয়া মাথো প্ৰষ্ফুতিত ফলৰ উৎসৱ নহয়, এয়া জীৱনৰ উদযাপন।উৎসৱ উদযাপন স্থলীত ফুলৰেই নহয়, প্ৰত্যুৎসাহীসকলৰহ বাবে বিভিন্ন কাম-কাজ কৰাৰ সুওযগ ৰখা হৈছে।

আটাইতকৈ ভাল লগা কথাটো হৈছে দেশী-বিদেশী, স্থানীয় সকলোৰে বাবে এই উৎসৱ উন্মুক্ত।

এই উৎসৱত বিভিন্ন ক্ৰিয়া-কৰ্মৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বাবে এই উৎসৱে  বিপুল সংখ্যক ৰাইজক আকৰ্ষণ কৰি আহিছে।পথ-নিৰ্দেশিত নৈশ ভ্ৰমণ, লাইভ মিউজিক, সৌন্দৰ্য প্ৰতিযোগিতা, সোৱাদ লগা খ্যদ্যৰ বিপণি আদিও এই মহোৎসৱৰ অবিচ্ছেদ্য অংগ।