কৰ’নাভাইৰাছৰ বাবে বিশ্বজুৰি চাহিদা সৃষ্টি হোৱা হাইড্ৰক্সিক্ল’ৰ’কুইনৰ সৈতে আছে অসমৰ যোৰহাটৰো এক সংযোগ।
মেলেৰিয়াৰোধী দৰৱৰূপে পৰিচিত এই হাইড্ৰক্সিক্ল’ৰ’কুইন এসময়ত বেংগল ইমিউনিটি লিমিটেডে। পিছত তাক বেংগল কেমিকেলছৰ সৈতে চামিল কৰা হয়।
১৯৮১-৮২ চনত সেই কোম্পানিটোৱে দৰৱবিধৰ উৎপাদন সন্দৰ্ভত যোৰহাটৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ সহায় বিচাৰিছিল।
আৰ আৰ এল, যোৰহাট এতিয়া চি এছ আই আৰ নৰ্থইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকনলজিৰূপে পৰিচিত।
তেতিয়া কোম্পানিটোৰ ক্ল’ৰ’কুইন উৎপাদন প্লাণ্টটো আৰ্থিকভাৱে লাভজনক হৈ থকা নাছিল।
তদানীন্তন আৰ আৰ এলৰ বিজ্ঞানী ডঃ কে ভি ৰাঘৱনৰ নেতৃত্বত এটা গোটে কোম্পানিটোক দৰৱবিধ উৎপাদনৰ নতুন প্ৰযুক্তি যোগান ধৰিছিল।
বিজ্ঞানী গোটটোৰ সদস্য গৱেষণা প্ৰতিষ্ঠানটোৰ প্ৰাক্তন সঞ্চালক ডঃ পি জি ৰাৱে কয় যে তেওঁলোকে ইয়াৰ বাবে প্ৰাথমিক ডিজাইনটো প্ৰস্তুত কৰিছিল।
ফলত কোম্পানিটোৱে বছৰি ৮০ টন ক্ল’ৰ’কুইন ফছফেট প্ৰস্তুত কৰিব পৰা হৈ উঠিছিল।
“কেমিষ্ট্ৰি ডিভিজনৰ ডঃ বি এন গোস্বামী আৰু মই প্ৰদৰ্শনৰ সময়ত আৰু পৰীক্ষা আৰম্ভ কৰাৰ সময়ত ক’লকাতাৰ বেংগল ইমিউনিটি কোম্পানি ভ্ৰমণ কৰিছিলো,” ডঃ ৰাৱে হায়দৰাবাদৰ পৰা ফোনযোগে নৰ্থইষ্ট নাওক কয়।
ডঃ ৰাও বৰ্তমান চি এছ আই আৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ কেমিকেল টেকনলজি হায়দৰাবাদৰ বিজ্ঞানী।
ৰাৱে জনোৱা মতে বেংগল ইমিউনিটি কোম্পানিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই ক্ল’ৰ’কুইন উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল।
কিন্তু ৮০ৰ দশকলৈ কোম্পানিটোৱে বছৰি কেৱল ৪ টনহে ক্ল’ৰ’কুইন উৎপাদন কৰিব পৰা হৈ আছিল আৰু ই প্ৰায় অকামিলা হৈ পৰিছিল।
“প্ৰক্ৰিয়াটো আধুনিকীকৰণ কৰিবলৈ অনুৰোধ কৰাৰ পিছত আমি তাক উন্নীত কৰিছিলো, উন্নীত প্ৰযুক্তিৰ বিকাশ কৰিছিলো আৰু প্ৰকল্পটোৰ প্ৰাথমিক আৰ্হিটো যোগান ধৰিছিলো,” তেওঁ কয়।
পিছত সেই আৰ্হিৰ ওপৰত ভিত্তি কৰি ক’লকাতাৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান ক্ৰেবছ এণ্ড ছিয়ে ব্যৱসায়িক প্ৰকল্পটো ডিজাইন কৰিছিল আৰু ১৯৯২ চনৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হৈছিল।
ডঃ ৰাৱে কয় যে সেই সময়ত ইয়ে আছিল এছিয়াৰ ভিতৰত বৃ্হত্তম ক্ল’ৰ’কুইন ফছফেট উৎপাদনকাৰী প্ৰকল্প।
ভাৰত এতিয়াও বিশ্বৰ সৰ্বাধিক হাইড্ৰক্সিক্ল’ৰ’কুইন প্ৰস্তুতকাৰী দেশ। শেহতীয়াকৈ এমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই দৰৱবিধ বিচাৰি ভাৰতক অনুৰোধ কৰিছিল।
ইতিমধ্যে ভাৰতে এমেৰিকাকে ধৰি কেইবাখনো দেশক হাইড্ৰক্সিক্ল’ৰ’কুইন যোগান ধৰিছে।