উৎকণ্ঠাৰ অৱসান : বৈধ ঘোষণা কৰা হ’ল লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ মনোনয়ন পত্ৰ
অসম প্ৰদেশ কংগ্ৰেছৰ বাবে সকাহ। উৎকণ্ঠা আৰু অস্থিৰতাৰ অৱসান ঘটাই লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰিলে সমষ্টিটোৰ নিৰ্বাচনী বিষয়াই। বৰগোহাঁইৰ মনোনয়ন পত্ৰ মঙলবাৰে পৰীক্ষা কৰাৰ সময়ত ধৰা পৰা বিসংগতিৰ বাবে স্থগিত ৰখা হৈছিল।
আনহাতে, নিৰ্বাচনী বিষয়াই গ্ৰহণযোগ্য নথি দাখিলৰ বাবে বৰগোঁহাইক বুধবাৰে বিয়লি ৫ বজালৈ সময় নিৰ্ধাৰণ কৰি দিছিল। আজি প্ৰাৰ্থীগৰাকীয়ে গ্ৰহণযোগ্য নথি দাখিল কৰাৰ পাছত নিৰ্বাচনী বিষয়াই নথি সমূহ ভালদৰে পৰীক্ষা কৰে আৰু প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰে।
মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰাৰ পাছতে স্বস্তিৰ নিঃশ্বাস এৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগতে ৰাজ্যিক নেতৃত্ব। এইবাৰ লখিমপুৰ সমষ্টিত মূল যুজখন বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছৰ অনিল বৰগোহাঁইৰ মাজতে সীমাবদ্ধ থাকিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে, তেজপুৰ সমষ্টিত বহুজন মুক্তি পাৰ্টি আৰু ইণ্ডিয়া হিন্দুস্তান কংগ্ৰেছ আৰু এন পি পিৰ প্ৰাৰ্থী তিনিগৰাকীৰ মনোনয়ন পত্ৰ ইতিমধ্যে নিৰ্বাচনী বিষয়াই বাতিল কৰিছিল।