তিনিদিনীয়া কাৰ্যসূচীৰে সদ্যঃপ্ৰয়াত ভান্তে বাবা গুণাৱান্তা মহাথেৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ ‘পয় লেং’

আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে লিডুৰ সদ্যঃপ্ৰয়াত ভান্তে বাবা গুণাৱান্তা মহাথেৰৰ ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’ আৰম্ভ হৈছে৷ এই অনুষ্ঠানলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে গুণগ্ৰাহী৷

আজি পৰা অনুষ্ঠিত হোৱা ‘পয় লেং’ অনুষ্ঠানৰ জৰিয়তে অহা ২৩ ডিচেম্বৰত দিনৰ ২বজাত ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা সম্পন্ন হ’ব৷ আজি পুৱা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই সদ্যঃপ্ৰয়াত ধৰ্মগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে ১০ নৱেম্বৰত গুনাৱান্তা মহাথেৰৰ দেহাৱসান ঘটাৰ পাছত বৌদ্ধ মন্দিৰৰ চৌহদত নিৰ্বান গৃহত ৰখা হৈছে বৌদ্ধ ধৰ্ম গুৰু গৰাকীৰ মৃতদেহ৷ আজিৰে পৰা বৌদ্ধ ধৰ্ম গুৰু গুনাৱান্তা মহাথেৰৰ মূল ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ’পয় লেং’ তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে ঐতিহাসিক লিডুৰ মৌংলাং খামতি গাঁৱত অৱস্থিত বৌদ্ধ বিহাৰৰ প্ৰাংগণত অনুষ্ঠিত হৈছে৷

গুনাৱান্তা মহাথেৰ বৌদ্ধ মিছনৰ সদস্য হিচাপে ১৯৫৩ চনত ভাৰতলৈ আহিছিল৷ ১২ নৱেম্বৰত বিশাল কাৰ্যসূচীৰে তেওঁৰ জন্ম বাৰ্ষিকী আয়োজন চলি থকাৰ মাজতে বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লিডুৰ মৌংলাং খামতি বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীয়ে ১০ নৱেম্বৰত ৯৯বছৰ বয়সত ইহলীলা সম্বৰণ কৰে৷

শতবৰ্ষলে মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত ধৰ্ম গুৰুজনাৰ মৃত্যুত ভক্ত সকলৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধধৰ্মালম্বী লোক সকলৰ মাজত শোকাকুল পৰিবেশ বিৰাজ কৰিছিল৷ ৭ দিন ভান্তেৰ মৃতদেহ দেশে-বিদেশে থকা তেওঁৰ গুণমুগ্ধৰ অন্তিম দৰ্শনৰ বাবে মৌংলাং খামতি বৌদ্ধ বিহাৰত ৰখাৰ পাছত ১৬ নৱেম্বৰত ধৰ্মীয় পৰম্পৰাৰে মন্দিৰৰ চৌহদত নিৰ্মিত নিৰ্বান গৃহলৈ নশ্বৰ দেহ স্থানান্তৰ কৰা হৈছিল৷