সুৰাপ্ৰেমীৰ বাবে ভাল খবৰ! ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কমিব বিলাতী সুৰাৰ মূল্য; কোন ব্ৰেণ্ডত কিমান পালে হ্ৰাস?

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যৰ সুৰাপ্ৰেমীসকলৰ বাবে ভাল খৱৰ। পূৰ্বৰ তুলনাত বহু পৰিমানে হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য। ৰাজ্যৰ আবকাৰী বিভাগে সুৰাৰ নতুন নিৰিখ সন্দৰ্ভত এক বিজ্ঞপ্তি ৰাজহুৱা কৰিছে। অহা ১ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া সুৰাৰ নতুন নিৰিখ সন্দৰ্ভতো বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

শেষবাৰ যোৱা ১ এপ্ৰিলত সুৰাৰ মূল্য বৃদ্ধি পাইছিল। তেতিয়া ১৫০ টকাৰ পৰা ৩১২ টকালৈ বৃদ্ধি পাইছিল সুৰাৰ মূল্য।

নতুন নিৰিখ অনুসৰি কোনটো ব্ৰেণ্ডত কিমান হ্ৰাস পাব সুৰাৰ মূল্য

* ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে।

* ২. ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম হ্ৰাস পাইছে ৩৪ টকাকৈ।
* জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্ৰাস পাইছে।
* ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস কৰা হৈছে।
* LUXURY ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস পাইছে।
* LUXURY ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস পাইছে।
* এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস কৰা হৈছে।

উল্লেখ্য যে ৰাজ্যৰ অন্যতম ৰাজহৰ উৎস সুৰাৰ দাম বিগত দিনত বহুলাংশে বৃদ্ধি পাইছে। কিন্তু ৰাজ্য চৰকাৰে সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ সুৰাৰ বিপনীসমূহক হেঁচা দিয়াৰ বাতৰিও শেহতীয়াকৈ প্ৰকাশ পাইছিল। তাৰমাজতে এইবাৰ সুৰাৰ দাম হ্ৰাস কৰি সুৰাৰ বিক্ৰী আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা বুলি অনুমান কৰা হৈছে।