চামগুৰি বৰমাবিলৰ নৃশংস হত্যকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

Untitled-1 copy (22)

বৰমাবিলৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আনাৰুল হক।

হিন্দী চিনেমাৰ ভিলেইনৰ কাইদাৰে অল্টো গাড়ীৰে চোঁচৰাই ছাগলী চোৰৰ গভাইত  দলে এটাই ২৯ ডিচেম্বৰৰ পুৱতি নিশা নগাওঁ জিলাৰ  চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰমাবিলত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত আনাৰুল হকক চামগুৰি আৰক্ষীয়ে নগাঁৱৰ লাওগাঁৱৰপৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অতি গোপন সূত্ৰৰ পম খেদি চামগুৰি আৰক্ষীয়ে নগাঁও সদৰ থানাৰ অন্তৰ্গত লাওগাঁওৰ নিবাসী আব্দুল হাচিমৰ বাসগৃত অভিযান চলাই আনাৰুল হকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে যোৱা ২৯ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৩-৩০ বজাত নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁওৰ  বৰমাবিলৰ আইনুল ইছ্লামৰ পৰিয়ালটোৰ ছাগলী চুৰি কৰিবলৈ  এ এছ ০২ইউ ১৩১৫ নম্বৰৰ এখন বগা অল্টো গাড়ীৰে চাৰিজনীয় গভাইত চোৰে চুৰি কৰিবলৈ আহে।

চোৰৰ দলটোৱে ছাগলীৰ গৃহস্থক আক্ৰমণ কৰি পৰিয়ালটোৰ আইনুল ইছ্লামৰ ভাতৃ আব্দুল হাইক ৰচিৰে বান্ধি প্ৰায় এক কিলোমিটাৰ গাড়ী চলাই চোচৰাই নি লোমহৰ্ষকভাৱে হত্যা কাণ্ড সংঘটিত কৰি পলাই যাবলৈ সক্ষম হৈছিল।

ধৃত আনাৰুল হক অল্ট’ গাড়ীখন ব্যৱহাৰ কৰিয়ে এই হত্যা কাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে অল্ট’ গাড়ীখনৰ লগতে এখন বাইকো নগাঁওৰ খুটিকটিয়াৰ পৰা জব্দ কৰিছে।

আনহাতে, চোৰৰ দলটোৰ দুৰ্ধৰ্ষ হত্যাকাৰী চামগুৰিৰ লাইলুৰিৰ ৰুমিজুল ইছলাম, নগাঁৱৰ লাওগাঁৱৰ আব্দুল কাদিৰৰ লগতে আন কেইবাজনো চোৰ এতিয়াও আৰক্ষীৰ চকুত ধুলি দি পলাই আছে।