• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাত শেষ টোপাল তেজ থকালৈকে যুঁজ দিম, বিটিচি চুক্তি ভংগ হ’ব লাগিব : নৱ শৰণীয়া

“অবড়োৰ ওপৰত আৰু যদি আক্ৰমণ হয় তেন্তে আদালতত দুষ্কৃতিকাৰীক থিয় কৰাম”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 19, 2019 1:23 pm
Assam NRC: Kokrajhar MP Naba Sarania pleads AASU, ABSU to withdraw 'fake' objections

নৱ কুমাৰ শৰণীয়া। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’মোৰ দিনত অসমক আৰু ভাগ ভাগ কৰিবলৈ দিয়া নহ’ব। গাত শেষ টোপাল তেজ থকালৈকে যুঁজ দিম। পৃথক বড়েলেণ্ড নালাগে, বিটিচি চুক্তি ভংগ হ’ব লাগিব।‘’ এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ।

আজি দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেলত কোকৰাঝাৰ সমষ্টিৰ সাংসদ তথা এইবাৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই উদাত্তভাৱে কয়,‘’ কংগ্ৰেছেও এতিয়া বিটিচিত মুছলমানক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। নৱ শৰণীয়াই জাতি ধৰ্মৰ নামত ৰাজনীতি নকৰে। নৱ শৰণীয়াই ৰাইজক লগত লৈ যুঁজ কৰে। নৱ শৰণীয়াৰ নিজা এজেণ্ডা নাই, ৰাইজেই মোৰ এজেণ্ডা। নৱ শৰণীয়া একতাৰ প্ৰতীক। এই যুঁজ মোৰ যুঁজ নহয়,কোকৰাঝাৰ সমষ্টিৰ যুঁজ, অসমবাসীৰ যুঁজ।‘’

তেওঁ এইবাৰ নিৰ্বাচনত তেওঁৰ স্থিতি সম্পৰ্কত কয়, ‘’২০১৪ চনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভোটদান কৰিছিল।মাত্ৰ এটা জাতিয়ে ভোট দিয়া নাছিল। কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ পক্ষত পূৰ্বতকৈয়ো বেছিকৈ ভোট আহিব। ৬০ শতাংশ ভোট মোৰ ফালে আহিব। প্ৰায় ৫ লাখ ভোট মই আশা কৰিছো।‘’

বিটিচি সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, ‘’বিটিচি চুক্তিয়েই বড়োলেণ্ড বিভাজনৰ আধাৰশিলা। সন্ত্ৰাসবাদৰ আঁঠু লৈ বিটিচি চুক্তি কৰিলে। বিটিচি চুক্তিখন পুনৰীক্ষণ কৰিব লাগে। বিটিচিত বড়ো আছে মাত্ৰ ২০ শতাংশ, বাকী অবড়ো আছে ৮০ শতাংশ।‘’

নিৰ্দলীয় সাংসদগৰাকীয়ে বড়োলেণ্ডত তেওঁৰ স্থিতি সদম্ভে ঘোষণা কৰি কয়, ‘’নৱ শৰণীয়াই নাটকবাজী ভাল নাপায়। বড়ো-অবড়োক লৈয়ো ৰাজনীতি নকৰে। ২০২০ত বড়োলেণ্ডত বড়ো-অবড়ো ৰাজনীতি নাথাকিব। কাউন্সিলত আপোনালোকে হাগ্ৰামাক দেখা নাপাব, বিটিচি প্ৰধান হৈ নাথাকিব হাগ্ৰামা।‘’

শৰণীয়াই লগতে হাগ্ৰামাক প্ৰত্যাহ্বান জনাই কয়, ‘’বিপিএফৰ হাগ্ৰামাই কৈছে যে তেওঁলোকক ভোট নিদিলে অবড়োক মাটিৰ পট্টা দিয়া নহয়। বিটিচি ৰাইজক জনাইছো হাগ্ৰামাৰ বাপেকেই আহক লাগিলে, অবড়োৰ গাত আঁচোৰ পৰিলে বা হাত দিলে তেওঁলোকক থাইলেণ্ড আৰু ব্ৰহ্মদেশলৈ পঠিয়াই দিয়া হ’ব। লাফিকুল ইছলাম অথবা মনোজ দাসৰ হত্যাকাৰী সাৰি যাব পাৰে, কিন্তু আৰু যদি অবড়োৰ ওপৰত আৰু আক্ৰমণ হয় তেন্তে আদালতত দুস্কৃতিকাৰীক থিয় কৰাম।‘’

ইপিনে, য়ুপিপিএল তেওঁৰ বাবে কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি শৰণীয়াই কয় যে তেওঁলোকে আঢ়ৈ লাখ ভোট পাব, প্ৰমিলাই পঞ্চাশ হাজাৰ পাব। য়ুপিপিএলে গাওঁৰ মানুহক গৈ ধমকি দিছে তেওঁলোকক ভোট দিবলৈ। শৰণীয়াই নিশা সেই গাওঁসমূহত পহৰা দিবৰ বাবে ৰাইজক আহ্বান জনায়।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাক কটাক্ষ কৰি শৰণীয়াই কয়, ‘’শব্দ ৰাভাৰ কথাৰ কোনো মূল্য নাই। তেওঁৰ ইনকামিং আছে, আউটগয়িং নাই। শব্দ ৰাভাই কি কাম কৰিছে? কি চাই ভোট দিব? কংগ্ৰেছে নিৰ্বাচন খেলিবলৈ মাত্ৰ ৬০ লাখ টকা দিছে ৰাভাক। তেওঁৰ মণ্ডলক দিবলৈকে পইচা নাই।‘’

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ বক্তব্য প্ৰকাশ কৰি সাংসদ শৰণীয়াই কয়,’’কেব হৈছে ললীপপ। কেবক লৈ ৰাজনৈতিক যুঁজ হ’ব পাৰে, কিন্তু মৰা-কটা যুঁজ কৰাৰ প্ৰয়েজন নাই। কেবৰ বিৰুদ্ধে মোৰ পূৰ্বৰ স্থিতিয়েই আছে।‘’

বদৰুদ্দিন আজমল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰণীয়াই কয়,’’আজমল চাহাব আগৰ দৰে নহয়, তেওঁ আগতে আল্লা বা ভগবান আছিল, এতিয়া আজমল ভগৱান নহয়। তেওঁৰ আসনখন পাবও পাৰে নাপাবও পাৰে।‘’

কংগ্ৰেছৰ স্থিতি সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰি নৱ শৰণীয়াই কয় যে কোকৰাঝাৰক আগতে গগৈয়ে ঠগিছিল এতিয়া ৰিপুন বৰাই ঠগিছে। ৰিপুন বৰাই আমাক গালি পাৰিছে এই কাৰণে যে মোক গালি পাৰিলে হাগ্ৰামাই তেওঁক ভাল পাব পাৰে।

তদুপৰি, বিটিচি অঞ্চলত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিটিচি প্ৰশাসনক অধিক সজাগ হ’বলৈ শৰণীয়াই আহ্বান জনায়।

আনহাতে, ২৪ টাতকৈয়ো অধিক অৰাজনৈতিক সংগঠনৰ সমৰ্থন থকাৰ কথা উল্লেখ কৰি শৰণীয়াই কোনোৱে যাতে ইভিএমৰ দুৰ্ব্যৱহাৰ নকৰে, তাৰ বাবে সকলোকে সাৱধান কৰি দি কয়,’’ অসমৰ হকে কাম কৰিবলৈ আলফাত গৈছিলো। পইচাৰ কথা নাভাবো, পইচাৰ দৰকাৰ নাই।‘’

তদুপৰি, তেওঁ কয়, ‘’বন্দুকৰ গুলিলৈ তেওঁ ভয় কৰা নাছিল আৰু কুকুৰৰ ভুক ভুকনিকো শৰণীয়াই ভয় নকৰে।‘’

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm
বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

August 16, 2025 7:01 pm
দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

August 16, 2025 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd