মংগোলীয় বংশোদ্ভূত দেউৰীসকল অসমৰ এটা প্ৰাচীন জনগোষ্ঠী বুলি ক’লেও অসমৰ ইতিহাসত জনগোষ্ঠীটোৰ ইতিহাস দুই/আঢ়ৈ শতিকাতকৈ অধিক বুলি আমাৰ মনে নধৰে। ঐতিহাসিক কাৰণতে আমি এই মতামত ব্যক্ত কৰিছো।
তেনে প্ৰশ্ন হ’ব পাৰে দুই/আঢ়ৈ শতিকাৰ পূৰ্বলৈকে অসমত দেউৰী জনগোষ্ঠীৰ বসতি নাছিল যদি ইয়াৰ পূৰ্বৰ বাসভূমি ক’ত আছিল? এই প্ৰশ্নৰ উত্তৰত বাহুল্য বৰ্জিতভাৱে অথবা ব্যাখ্যা নকৰাকৈ কওঁ দেউৰী জনগোষ্ঠীৰ ইয়াৰ পূৰ্বৰ ইতিহাস বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ লগতহে সম্পৰ্কৃত। মূলতঃ সেইবাবেই চাগৈ দেউৰীসকলৰ বিহু সংস্কৃতিত অসমীয়া বিহুৰ মৌলিক বৈসাদৃশ্য অতি চকুত লগাকৈ পৰিদৃশ্যমান হয়।
বৰ্তমান দেউৰীসকলে মূলতঃ অসমৰ ৯ খন জিলা আৰু অৰুণাচল প্ৰদেশৰ দুখন জিলাত খেলববীয়াকৈ বসবাস কৰি আহিছে। নদীকেন্দ্ৰিক জীৱন শৈলীত অভ্যস্ত দেউৰীসকলৰ চাৰিটা খেল আছে; অৱশ্যে ইয়াৰ এটা বৰ্তমান লুপ্ত বুলি কোৱা হয়। তাহানিৰ তথা বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ দিবাং নৈত পাৰত বসবাস কৰাসকল দিৱঙীয়া, টেঙাপানী নৈৰ পাৰত বসবাস কৰাসকল টেঙাপনীয়া আৰু বৰ নৈ পাৰত বাস কৰাসকল বৰগঞা বুলি পৰিচিতি লাভ কৰে। ইফালে পাটৰশালৰ পাটগঞাসকল বৰ্তমান নিৰুদ্দিষ্ট!
দেউৰীসকলৰ বিহু অতিকেন্দ্ৰিক মাংগলিক লোকাচাৰেৰে পৰিপূৰ্ণ। একাষাৰে ক’বলৈ গ’লে দেউৰীসকলৰ বিহু সম্পূৰ্ণৰূপেই মাংগলিক। যি বিহুক আৰাধ্য দেৱতাই নিয়্ন্ত্ৰণ কৰে। আনকি নীতি নিৰ্দেশনাও জাৰি কৰা দেখা যায় আৰাধ্য দেৱতাৰ প্ৰতিনিধি দেওধনীৰ দ্বাৰা।
দেউৰীসকলৰ বিহু দুটা পৰ্যায়ত পালন কৰা হয়। এটা হৈছে আখৰাসদৃশ বিহু। আনটো বিহুৰ মূল পৰ্ব অৰ্থাৎ মাংগলিক বিহু। মাংগলিক বিহুত মিদিকু(দেৱমন্দিৰ)ত ব’হাগৰ প্ৰথমটো বুধবাৰৰ পৰা আৰম্ভ হ’ব। এই বিহু ব’হাগৰ বৰপূজাৰ দ্বাৰা আৰম্ভ হয়। বৰপূজাৰ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মিদিকু অৰ্থাৎ দেৱমন্দিৰত সপ্তাহজুৰি কৰা হয়। এই বিহুত আৰাধ্য দেৱতাৰ ৰিচুৱেল প্ৰতিনিধি দেওধনীয়ে নৃত্য কৰে। ননাই পোৱালি অৰ্থাৎ গঞাই মিদিকুত দেওধনী নচোৱায়। এই বিহু সম্পূৰ্ণৰূপে মাংগলিক। মাংগলিক হ’লেও অথবা দেওধনীৰ প্ৰতি ভক্তিভাৱ থাকিলেও এই বিহুত প্ৰাকৃতিগতভাৱে মৌলিক উছাহ-উদ্দীপনাৰ অফুৰন্ত দ্যুতি দেখা যায় গঞাৰ মাজত। এই মাংগলিক বিহুত মূলতঃ কৃষি কৰ্মৰ সৈতে সম্পকৃত লোকাচাৰ দেখা যায়। এই মাংগলিক বিহুৰ সম্পৰ্কে আমি ইয়াতে বৰ বিশেষ আলোচনা আগনবঢ়াও, কাৰণ এই আলোচানৰা বাবে সুকীয়া নিৱদ্ধ তথা প্ৰৱন্ধৰ প্ৰয়োজন হ’ব।
ইপিনে আখৰাসদৃশ বিহুত চ’ত মাহটোত গাঁৱৰ বিহু খোলাত ৰাতি বিহু কৰা হয়। এই বিহুক আখৰাসদৃশ বিহু বুলি এইবাবেই আমি মন্তব্য কৰিছো যে ৰাতি বিহুত বিহুৰ অনুশলীন কৰি দেৱমন্দিৰৰ বিহুৰ বাবে বিহুৱা-বিহুৱতী সাজু হৈ উঠে।
প্ৰতিখন গাঁৱতে একোটা বিহু খোলা থাকে। সাধাৰণতে মিদিকুৰ পূজাৰী গৃহত বিহু খোলা পতা হয়। যিসমূহ গাঁৱত পূজাৰী নাথাকে তেনে গাঁৱত গাঁওখনৰ মধ্য স্থানৰ বহল চোতাল থকা এখন ঘৰত বিহু খোলা পতা হয়। এই বিহু খোলাতে গোটেই চ’ত মাহটো ৰাতি বিহু কৰা হয়। সন্ধিয়া ৭ মান বজাত গাঁৱৰ আদহীয়া, ডেকা-গাভৰুসকলে ভাত-পানী খাই বিহু খোলাত ৰাতি বিহু কৰিবলৈ ওলায় আহে। ইয়াতে আদহীয়া আৰু বোৱাৰীসকলে ডেকা বিহুৱা আৰু বিহুৱতীসকলক বিহু শিকায়। নিৱন্ধৰ পিছলৈ এই সম্পৰ্কে আমি অধিক আলোচনা আগবঢ়াম।
বিহুৰ উৰুকা নিশা গোটেই ৰাতি গাঁৱৰ বিহু খোলাত বিহু মাৰি মাৰি ৰাতি খপা হয়। ৰাতিখপাৰ পিছতে পুৱাভাগলৈ বোকা বিহুৰ আৰম্ভ কৰা হয়। অৱশ্যে বোকা বিহু ৰাতি বিহুৰ দৰে প্ৰাচীন নহয় বুলি কোৱা হয়। ই ৰাতি বিহুতকৈ কিছু অবাৰ্চীনহে। পূৰ্বতে বোকা বিহু দেউৰীসকলৰ সমাজ জীৱনত আছিল নে নাই সেয়া গৱেষণাৰ বিষয়। কিন্তু বৰ্তমান বোকা বিহু দেউৰীসকলৰ ব’হাগ বিহুৰ অভিন্ন অংগ।
দেউৰী জনগোষ্ঠীৰ প্ৰতিটো খেলৰ মাজতে ৰাতি বিহুৰ লগতে বোকা বিহুৰ প্ৰচলন আছে। আমি ইতিমধ্যে উল্লেখ কৰি আহিছো যে ৰাতি বিহুৰ দৰে বোকা বিহু প্ৰাচীন নহয়, ই অবাৰ্চীনহে। পৰিৱৰ্তিত সময়ে ৰাতি বিহুৰ শেষ স্তৰ হিচাপে বোকা বিহুক দেউৰীসকলৰ বিহু সংস্কৃতিত চামিল কৰোৱাইছে বুলি ধাৰণা কৰা হৈছে। কিন্তু কৃষিভিত্তিক দেউৰী সমাজ জীৱনলৈ লক্ষ্য কৰিলে এই কথাটো যথেষ্ঠ চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলি আমি বিশ্বাস কৰোঁ। আমাৰ ধাৰণা অৰুণাচল প্ৰদেশত বসবাস কৰাৰ সময়ত বৌদ্ধসকলৰ পয় চাংকেনৰ দ্বাৰাও বোকা বিহু প্ৰভাৱিত হ’ব পাৰে!
সি যি কি নহওঁক, এতিয়া আমি টেঙাপনীয়া খেলৰ বিশেষ উল্লেখনৰে দেউৰীসকলৰ বোকা বিহু সম্পৰ্কে কিছু আলোচনা কৰিব বিচাৰিছো।
পহিলা চ’তৰ পৰাই গাঁৱৰ বিহু খোলাত ৰাতি বিহু কৰা হয় বুলি ওপৰত কিছু পৰিমাণে উল্লেখ কৰি অহা হৈছে। গাঁৱৰ ডেকা গাভৰু আৰু আদহীয়াসকলে ৰাতি বিহু কৰে। এই ৰাতি বিহু একধৰণৰ আখৰা বুলিও ক’ব পাৰি, যিটো ওপৰত উনুকিয়াই অহা হৈছে। কাৰণ ন ডেকাসকলে জ্যেষ্ঠজনৰ অথবা আদহীয়াসকলৰ পৰা বিহু শিকিবলৈ সুযোগ পায়। ঢোল, শালমৰা, ঢোলটং, পেঁপা আদি বিহুৰ বাদ্য বজাবলৈ শিকাৰ লগতে প্ৰতিটো ঢোলৰ চেওতে নাচিবলগীয়া সুকীয়া নাচবোৰ শিকি লয়। ঢোলৰ চেৱে চেৱে দেউৰী জনগোষ্ঠীৰ সমষ্ট জীৱন প্ৰণালীকো ফুটাই তোলা বিহু নাচ দেখা যায়। কৃষিপ্ৰধান জনগোষ্ঠীয় সমাজখনৰ কঠিয়া তোলা নাচ, শালি ৰোৱা ৰোৱনীৰ নাচ, ধান কটা দাৱনীৰ নাচ, তাঁত বোৱা শিপিনীৰ নাচ, মহুৱা পকোৱা নাচ, যুদ্ধ কৌশল সম্বলিত নাচ, শৃংগাৰ ৰস উৎপন্নসদৃশ নাচ, জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শনমুলক নাচ, ভিন্ন চিত্তাকাৰ্ষক নাচৰ উপৰিও ডেকাচামৰ মাজত অতি জনপ্ৰিয় কেৰ্কেতুৱা নাচ ৰাতি বিহুতে আখৰা কৰা হয়। তাৰ উপৰি আছে চুটি ঢেক আৰু দীঘলীয়া ঢেকৰ নাচ। প্ৰতিটো ঢোলৰ চেৱৰে সুকীয়া সুকীয়া নাচ আছে। যিবোৰ নাচ ৰাতি বিহুত আখৰা কৰা হয়।
যুৱতীসকলেও ৰহিলা নাম, আবৰব’, হাঁচতি আদিকে বিহু নামৰ লগতে নাচিবলৈ শিকে। তেওঁলোকেও বোৱাৰীসকলৰ পৰা এইবোৰল আয়ত্ত কৰি নিপুণ হৈ উঠে আৰু ৰাতি খপাৰ লগতে পৰৱৰ্তী সময়ত মিদিকুৰ বিহুত সেই নৈপুণ্যতা প্ৰদৰ্শন কৰে।
ৰাতি বিহুত এইবোৰ আখৰাৰ জৰিয়তে আয়ত্ত কৰাৰ পিছত উৰুকা নিশালৈ অধীৰে অপেক্ষা কৰা হয়। উৰুকা নিশাটো গোটেই নিশাই বিহু মৰা হয়। সেয়ে ইয়াক ৰাতি খপা বোলা হয়। এই উৰুকা নিশাতে ডেকাবোৰে ওচৰৰ প্ৰতিখন গাঁৱৰে বিহু খোলাত বিহু কৰিবলৈ যায়। অৱশ্যে গাভৰুসকলে নিজৰ খোলাতে ৰাতি বিহু কৰি থাকে। প্ৰতিখন গাঁৱলৈ বিহু কৰিবলৈ গৈ স্ফূৰ্তি কৰাৰ লগতে ৰাতি বিহুত নিজে আয়ত্ত কৰা বিহুৰ কলা নৈপূণ্যৰ প্ৰদৰ্শকামিতাই ক্ৰিয়া কৰে। তাতে অন্য গাঁৱৰ গাভৰু বিহুৱতীৰ আকৰ্ষণৰ কথাটো থাকেই। গোটেই ৰাতি ইখন সিখন গাঁৱত গৈ বিহু কৰাৰ পিছত পিছনিশালৈ নিজ গাঁৱৰ বিহু খোলাত আহি উপস্থিত হয়।
নিজ গাঁৱৰ বিহু খোলাত পোৱাহি পিছত সকলোবোৰে আহি বিহু কৰিবলৈ ধৰে। যেতিয়া পূবাকাশত ধলফাট দিয়ে তেতিয়া বিহুৰ ৰাগিত সকলোৱে মতলিয়া হৈ উঠে। বেলিৰ পোহৰে ধৰণী চোৱাৰ লগে লগেই বোকা বিহু আৰম্ভ কৰা হয়। যদি চোতালখন শুষ্ক হৈ থাকে তেনে দুজনমানে টিউবেলৰ পৰা টিঙেৰে পানী চটিয়াই চোলাখন তিয়াই পেলায়। লগে লগে নামতীয়ে গায়-
“হাইঐ মাটিত পৰি
ধেমালি কৰো হাইঐ লাহৰী
মাটিত পৰি ধেমালি কৰোঁ
জীয়াই থাকো মানে
মাটিত পৰি ধেমালি
মৰি গ’লে পাবলৈ নাই……”
অথবা যদি কোনো নাচনীয়ে প্ৰথমে বোকাত পৰি নাচিবলৈ সংকোচ কৰে তেতিয়া তেওঁক গপটা মাৰি ধৰি বোকাত বগৰাই দি নামতীয়ে গায়-
“হাইঐ কাকে দেখি কৰিছা
লাজে হেৰা সমনীয়া
কাকে দেখি কৰিছা লাজ
ঐ শহুৰে ঐ আছে না
শাহুৰে ঐ আছে না
কাকে দেখি কৰিছা লাজ।”
ইফালে গাভৰুবোৰে নিজৰ নিজৰ মাজত বিহুনাম গায় বোকা লগাই স্ফূৰ্তি কৰে। সাধাৰণতে গাভৰুবোৰে ৰাতি হাঁচতি, আবৰব’, হুৱাই ৰাঙলী, ৰহিলা নাম আদি গায় বিহু কৰে। এই নামবোৰত বিশেষ ধৰণৰ পদচালনা কৰি খোলাটোত বৃত্তাকাৰে প্ৰদক্ষিণ কৰা হয়। সেয়েহে বোকা বিহুৰ সময়ত গাভৰুবোৰে কেৱল বিহুনামহে গায়।
আচলতে বোকা বিহু হ’ল একধৰণৰ উল্লাসহে। গোটেই চ’ত মাহে ৰাতি বিহু কৰি উৰুকা দিনা ৰাতি খপি ৰাতি বিহুক বিদায় দি ব’হাগ বিহু আৰম্ভ কৰা হয়। সেই উলাহতে বোকাৰে লুতুৰি পুতুৰি হৈ উলহ মালহেৰে বিহুক আদৰণি জনোৱা হয়। খোলাৰ গৃহস্থৰ লগতে ওচৰঘৰীয়া বোৱাৰীবোৰে চুজে(চাওলেৰে তৈয়াৰী পৰম্পৰাগত পানীয়) আৰু খাজি(বিবিধ শাকেৰে ৰন্ধা আঞ্জা) আনি বিহুৱা বিহুৱতীসকলক দি আশীৰ্বাদ বিচাৰি সেৱা কৰেহি। বিহু খোলাত বোকা বিহু কৰাৰ পিছত চুঁজে আৰু খাজি খাই গঞাৰ চোতালে চোতালে গৈ বোকা বিহু কৰে। এইদৰে মনৰ উলাহত প্ৰায় দুপৰীয়ালৈকে ডেকা-গাভৰুসকলে বোকা বিহু কৰে।
দুপৰীয়াতে বোকা বিহু এৰি সকলোৱে ঘৰা-ঘৰি হয়। আবেলি পুনৰ গাঁৱৰ বিহু খোলাত সকলোৱে আহি গোট খায়হি। পুনৰ বিহু খোলাত অলপ সময় বিহু কৰি বিহুখন দেওশাল অথাৎ মিদিকু(দেৱমন্দিৰ)লৈ যোৱা হয়। মিদিকুত বিহু কৰাৰ লগে লগে বৰবলি দিয়া হয় আৰু এইদৰে বিহুৰ মাঙ্গলিক ক্ৰিয়াকৰ্ম শুভাৰম্ভ হয়। এইদৰে তিনিদিন ধৰি অৰ্থাৎ বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে দেওশালত ডেকা-গাভৰু-বোৱাৰী সকলোৱে সুকীয়াকৈ খোলা পাতি বিহু কৰে। শুক্ৰবাৰে দেওশালৰ বিহু সামৰণি কৰি পুনৰ গাঁৱৰ বিহু খোলাত ৰাতি বিহু কৰা হয়। আকৌ শুক্ৰ, শনি, দেও, সোমবাৰে ৰাতি বিহু কৰি মঙ্গলবাৰে নিশা খপি পুনৰ পিছ বিহুৰ উৰুকা পালন কৰি বুধবাৰে পুৱা বোকা বিহু কৰা হয়। কিন্তু পুৱাবেলাতে বোকা বিহু সামৰণি মাৰি দুপৰীয়া দেওশালত দেওধনী নচোৱাবলৈ যোৱা হয়। এইদৰে দুদিন দেওশালত দেওধনী নচোৱাই শুক্ৰবাৰে নৈৰ পাৰত বছৰলৈ বিহু উতুৱাই দিয়া হয়।