প্ৰধান মন্ত্ৰী মোদীৰ ‘ফিটনেছ’ৰ ৰহস্য: তেওঁৰ পছন্দৰ খাদ্য সম্ভাৰত কি আছে?

432475-modi-fitness

ফাইল ফটো: জী টিভিৰ সৌজন্যত

কামৰ বোজাই সকলোকে কাবু কৰি তোলে। প্ৰত্যেকেই সপ্তাহত এদিন জিৰণি বিচাৰে। কিন্তু ব্যতিক্ৰম আমাৰ প্ৰধান মন্ত্ৰী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা দিনো ছুটী নোলোৱাকৈ পুৰা সপ্তাহটো কামত ব্যস্ত থাকে। কিন্তু এয়া কেনেকৈ সম্ভৱ?

এয়া সম্ভৱ কিয়নো প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ খাদ্য তালিকাত এনেকুৱা সম্ভাৰ অন্তৰ্ভুক্ত কৰিছে যিটোৱে জুতিৰ লগতে তেওঁক স্বাস্থ্যৱান তথা ‘ফিট’ কৰি ৰাখিছে।

প্ৰধান মন্ত্ৰীৰ পছন্দৰ এই খাদ্য তালিকাত কি আছে যিটো আপুনিও হয়তো সেয়া খাবলৈ বিচাৰিব।

খিচিৰি

খিচিৰি এনেকুৱা এবিধ খাদ্য যাক ৰান্ধিবলৈও সহজ আৰু ই সহজে হজমো হয়। আমাৰ খাৱলৈ ৰুচি নহ’লে খিচিৰি ৰান্ধি খাবলৈ ভাল পাঁও। কিন্তু প্ৰধান মন্ত্ৰী মোদীয়ে সদায় খিচিৰ খাবলৈ ভাল পায়। খিচিৰিৰ লগতে দৈ খাবলৈও তেওঁ বৰ ভাল পায়।

গুজৰাটী ঢোকলা

গুজৰাটী ঢোকলা অতি পাতল খাদ্য সম্ভাৰ। ই ৰসাল হোৱাৰ লগতে খুব সোনকালেই হজমো হৈ যায়। প্ৰধান মন্ত্ৰী মোদীৰ ঢোকলা অতি পছন্দৰ খাদ্য।

খাণ্ডৱী

বেচন আৰু ছস (মাখনযুক্ত গাখীৰ)ৰ ঘোলেৰে বনোৱা এই খাদ্যসম্ভাৰ বহুত সুস্বাদু। ইয়াক আমি লঘু আহাৰ হিচাপে খাব পাৰো। কিছুমানে ইয়াত জিৰা আৰু নৰসিংহৰ পাতৰ মিশ্ৰনো দিয়ে। প্ৰধান মন্ত্ৰী মোদীৰ প্ৰিয় খাদ্য তালিকাত ই বিশেষ স্থান লাভ কৰিছে।

আমৰ ছাটনি

প্ৰধান মন্ত্ৰীয়ে খাদ্যৰ লগতে আমৰ ছাটনি খোৱাটো বৰ পছন্দ কৰে। গুজৰাটী প্ৰকৰণেৰে ইয়াৰ প্ৰস্তুত কৰাটো তেনেই সহজ। ইয়াক কেঁচা আম চুকি লৈও বনাব পাৰি।

বাদাম আৰু শ্ৰীখণ্ড

প্ৰধান মন্ত্ৰীয়ে বাদাম আৰু পিস্তা শ্ৰীখণ্ড (গুজৰাটী সম্ভাৰ, দৈৰ লগত ইলাচী, মিথি গুটি, কেশৰ আদি দি বনোৱা এবিধ মিঠা সম্ভাৰ)  খাবলৈ অত্যন্ত পছন্দ কৰে। ইয়াক খাবলৈ সামান্য মিঠা যদিও ই বহুত সুস্বাদু খাদ্য।

এক সম্পূৰ্ণ নিৰামিষ স্বাস্থ্যসন্মত খাদ্য সম্ভাৰ অনুসৰণ কৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সুস্বাস্থ্য অটুট ৰখাৰ লগতে হেলাৰঙে এক কৰ্মঠ জীৱন কটাইছে। এয়া বহুতৰ বাৰে প্ৰেৰণাদায়ক বুলি ক’ব পাৰি।