• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬ ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘তাৰিখ’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 24, 2024 4:40 pm
954
VIEWS
Share on FacebookShare on Twitter

বহু প্রত্যাশিত অসমীয়া চিনেমা “তাৰিখ”ৰ মুক্তিৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই বছৰৰে ৬ ডিচেম্বৰত অসমৰ সমূহ চিত্রগৃহত মুক্তি লভিব নতুন অসমীয়া ছবি তাৰিখে। ২০১৮ চনত মুক্তি লাভ কৰা ‘কেলেণ্ডাৰ’ চিনেমাখনৰ পিছতে দ্বিতীয় নিবেদন হিচাপে এনাজৰী টকীজৰ বেনাৰত নিৰ্মিত হৈছে তাৰিখ। সুদীর্ঘ ছবছৰৰ পিছত এনাজৰী টকীজে নিবেদন কৰা “তাৰিখ”ৰ পৰিচালনা হিমজ্যোতি তালুকদাৰৰ। মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছে জ্যেষ্ঠ শিল্পী অৰুণ নাথ আৰু বলোৰাম দাসে।

বৰ্তমানৰ পৰা বিচ্ছিন্ন ৭০ বর্ষীয় দুর্লভ দত্তই জীৱনৰ বিয়লিবেলাত সাৰথি কৰি লয় নিসংগতাক। ২০০৮ চনত ঘটা এক অপ্রত্যাশিত ঘটনাই স্তব্ধ কৰি দিছিল দুর্লভ দত্তৰ সময়ৰ গতি। পৃথিৱীখন আগবাঢ়ি যোৱাৰ সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি। তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুর্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্রহণ কৰে। মুলত এগৰাকী বর্ষীয়ান ব্যক্তিৰ নিসংগতা, যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে “তাৰিখ”। উল্লেখযোগ্য যে এনাজৰী টকীজৰ বেনাৰত নির্মিত ২০১৮ চনত মুক্তি লাভ কৰা অৰুণ নাথ আৰু মলয়া গোস্বামী অভিনীত “কেলেণ্ডাৰ” ছবিখনে অসমকে ধৰি অসমৰ বাহিৰৰ চিত্ৰগৃহসমূহত বহুল জনপ্রিয়তা লাভ কৰিছিল।

অৰুণ নাথ, বলোৰাম দাসৰ লগতে তাৰিখত অভিনয় কৰিছে স্বাগতা ভৰালী, কুল কুলদীপ, ডা: জয়ন্ত দাস, সঞ্জীর শর্মাকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে। ছবিখনৰ প্রযোজনা অৰুন্ধতী শর্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ। চিত্রগ্রহণ কৰিছে অনিৰুদ্ধ বৰুৱাই। হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা, আৰু অধিৰাজ কাশ্যপৰ চিত্ৰনাট্যৰে প্ৰস্তুত কৰা তাৰিখৰ সংগীত

আৰু শব্দ ৰূপাংকণ কৰিছে ক্রমে তৰালি শৰ্মা আৰু দেৱজিত গায়নে। কার্যবাহী প্রযোজক হিচাপে আছে জ্যোতি প্রকাশ নাথ। তাৰিখৰ সম্পাদনাত আছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য আৰু কালাৰিষ্ট হিচাপে আছে হাওদাত বাগলাৰী। আনহাতে ছবিখনৰ সাজ-সজ্জা তথা ৰূপ-সজ্জাত আছে ক্রমে বাণী দত্ত বৰুৱা আৰু আকাশ গগৈ।

Recent News

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd