হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰক ৩গৱেষকলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

100520_ti_nobel-medicine_all-winners

চিকিৎসা বিজ্ঞানত নোবেল বঁটা বিজয়ী তিনিগৰাকী বাওঁফালৰ পৰা ক্ৰমে হাৰ্ভে জে অল্টাৰ, মাইকেল হিউটন আৰু চাৰ্লছ ৰাইছ। ফটো সৌজন্য: ছায়েন্স নিউজ

প্ৰথমতে হেপাটাইটিছ এ আৰু তাৰপাছত হেপাটাইটিছ বি ভাইৰাছৰ সন্ধান পোৱা গৈছিল। তথাপি বিশ্বৰ অধিক সংখ্যক ৰক্তপ্ৰবাহিত হেপাটাইটিছ আক্ৰান্তৰ ক্ষেত্ৰত প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব পৰা যোৱা নাছিল।

এই ৰহস্যৰ ভেদ কৰিছিল দুগৰাকী আমেৰিকাৰ গৱেষক হাৰ্ভে জে অল্টাৰ, চাৰ্লছ এম ৰাইছ আৰু ব্ৰিটিছ গৱেষক মাইকেল হিউটনে।

ক্ৰনিক হেপাটাইটিছৰ প্ৰকৃত কাৰণ বুজাত যুগান্তকাৰী আৱিষ্কাৰক এই তিনি বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।

সোমবাৰে বিয়লি নোবেল কৰ্তৃপক্ষই এক টুইটযোগে কয়,’’হেপাটাইটিছ চি ভাইৰাছ আৱিষ্কাৰৰ বাবে ২০২০বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে হাৰ্ভে জে অল্টাৰ, চাৰ্লছ এম ৰাইছ আৰু মাইকেল হিউটনে।‘’

আন এক বিবৃতিত কোৱা হৈছে যে ৰক্তপ্ৰবাহিত হেপাটাইটিছৰ বাবে বিশ্বৰ অসংখ্য লোক ছিৰ’ছিছ তথা পাকস্থলীৰ কেন্সাৰত ভূগে।  এই গৱেষক তিনিগৰাকীৰ আৱিষ্কাৰে সেই ৰোগ নিৰাময়ৰ দিশত বিশ্বক নতুন বাট দেখুৱাইছে। এই আৱিষ্কাৰৰ ফলতেই তেজৰ পৰীক্ষা সম্ভৱ হোৱাৰ লগতে বিশ্বৰ লাখ লাখ লোকৰ প্ৰাণ বাচি গৈছে।

নোবেল কৰ্তৃপক্ষই নোবেল বিজয়ী গৱেষক কেইগৰাকীৰ গৱেষণাৰ বাখ্যা আগবঢ়াই কয় যে ৰক্ত সঞ্চালন সম্পৰ্কীয় পদ্ধতিগত গৱেষণাৰ জৰিয়তে আমেৰিকান গৱেষক হাৰ্ভে জে অল্টাৰে এটা গোপন ভাইৰাছক চিনাক্ত কৰিছে। এইটোৱে ক্ৰনিক হেপাটাইটিছৰ মূল কাৰণ।

সেইদৰে ব্ৰিটিছ গৱেষক মাইকেল হিউটনে সেই নতুন ভাইৰাছৰ জেনম’ক পৃথক কৰিছে। যিটো ভাইৰাছৰ নাম হেপাটাইটিছ চি।

আনহাতে, আনগৰাকী আমেৰিকান গৱেষক চাৰ্লছ এম ৰাইছে চূড়ান্ত প্ৰমান দাঙি ধৰিছে। ইয়াৰ দ্বাৰা এইটো প্ৰমানিত হৈছে যে হেপাটাইটিছ চি-য়ে নিজেই হেপাটাইটিছ দূৰ কৰিব পাৰে।