দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৯০হাজাৰ অতিক্ৰম; বিগত ২৪ঘন্টাত ১২২জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

লকডাউনৰ নিয়ম শিথিল কৰাৰ পাছতেই দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

দেওবাৰে পোৱা শেহতীয়া তথ্য অনুসৰি, দেশত কৰ’না আক্ৰান্তৰ সংখ্যাই ৯০হাজাৰ অতিক্ৰম কৰিছে।

এতিয়ালৈ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ২,৮০০জনৰ মৃত্যু ঘটিছে। উদ্বেগজনকভাৱে যোৱা ২৪ ঘন্টাত অভিলেখ সংখ্যক সংক্ৰমণৰ ঘটনা ঘটিছে।

এদিনতে ৪হাজাৰ ৯৮৭জন কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। দেশত এতিয়া সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৯০হাজাৰ ৯২৭জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান ৫৩হাজাৰ ৯৪৬জন ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃতকৰ সংখ্যা হৈছে ২হাজাৰ ৮৭২জন।

ইপিনে, যোৱা ২৪ ঘন্টাত দেশত ১২২জন লোকৰ মৃত্যু হৈছে।তদুপৰি,  এই ২৪ ঘন্টাত প্ৰায় ৫হাজাৰ লোক নতুনকৈ সংক্ৰমিত হৈছে।

বৰ্তমানলৈকে ৩৪হাজাৰ ১০৯জন কৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, শনিবাৰে দেশত কৰ’না আক্ৰান্ত সংখ্যা ৩হাজাৰ ৭৮৭জন আছিল। শুকুৰবাৰে আক্ৰান্ত হৈছিল ৩হাজাৰ ৯৬৭জন লোক।

কিন্তু দেওবাৰে হঠাৎ ৰেকৰ্ডসংখ্যক লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খৱৰ আহিছে।

লকডাউন শিথিল কৰাৰ পাছতেই এইদৰে কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পোৱাটো সঁচাকৈয়ে উদ্বেগৰ বিষয় হৈ পৰিছে।