ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : কি ব্যৱস্থা লৈছে স্বাস্থ্য বিভাগে?

এখন দুৱাৰ বন্ধ হ’লেহে মুকলি হ’ব অন্য এখন দুৱাৰ; কি প্ৰসংগত এইদৰে ক’লে মন্ত্ৰীগৰাকীয়ে, বিমানযোগে অসমলৈ আহিবলগীয়া সকললৈ বিশেষ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰীৰ

f32a2dd0-defe-4719-865a-9204cb9705ba

ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশেষকৈ বহিঃৰাজ্যৰ পৰা লোকসকল গৃহভুমিলৈ উভটি অহাৰ পাছতে শতাধিক লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

তেনেক্ষেত্ৰত ৰাজ্যৰ জনসাধাৰণ চিকিৎসালয়ত বিচনাৰ সংখ্যাক লৈ চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছিল।

সেই চিন্তাৰ ওৰ পেলাই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী ‘৫০০০ লোক পৰ্য্যন্ত কোভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ সমৰ্থ আছে।’

আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে,  ‘কোভিড ৰোগী বাঢ়ি থাকিলে কি হ’ব? বুলি প্ৰশ্ন কৰি লগতে কয় ‘হস্পিতাল বেডক লৈ চিন্তিত নহয়। ৫০০০ লোকক খুব ভালকৈ চিকিৎসা কৰাৰ বাবে প্ৰস্তুত হৈ আছো। ক’ত আছে কেনেকৈ আছে সকলো তথ্য ৰাজ্য চৰকাৰৰ হাতত আছে। আমি তথ্য বোৰ এইবাবেই দিয়া নাছিলো কিয়নো এজন কোভিড ৰোগী হাস্পতালত প্ৰৱেশ কৰিলেও অন্য ৰোগীৰ চিকিৎসা কৰিবলৈ অসুবিধা হয়।‘

হিমন্তই লগতে কয় ‘এখন দুৱাৰ খোল খালে অন্য এখন দুৱাৰ মুকলি হ’ব। তেনে বহু দুৱাৰ আছে। এখন দুৱাৰ বন্ধ হ’লেহে অন্য এখন খুলিম।‘

তেওঁৰ দাবী ‘আজিৰ দিনত ১০০০ কোভিড ৰোগীক একেলগে চিকিৎসা কৰিব পৰাকৈ চিকিৎসালয়সমূহত বিচনা আছে।‘

ইয়াৰোপৰি, অসম চৰকাৰ ৫০০০ কোভিড ৰোগী চিকিৎসাৰ বাবে এই মুহূৰ্তত বিচনা, চিকিৎসক-নাৰ্চ ইত্যাদিৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰস্তুত হৈ আছে বুলিও তেওঁ দাবী কৰে।

ইপিনে, কাইলৈৰ পৰা বিমানযোগে গৃহভূমিত আহি উপস্থিত হোৱাৰ পাছত লোকসকলে কি কি নীতি নিৰ্দেশনা মানি চলিব লাগিব তাৰ এক আভাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘কাইলৈ ২০ খন ফ্লাইট আহিব নে ৩২ খন আহিব সেইক্ষেত্ৰত এতিয়াও নিশ্চয়তা হোৱা নাই। তথাপি যদি ৩২ খন ফ্লাইট ধৰা হয় তেন্তে ১৮০ গৰাকী যাত্ৰী একেলগে এখন ফ্লাইটত আহিব। এই সংখ্যা ধৰিলে কাইলৈ গুৱাহাটীত প্ৰায় ৪৫০০-৫০০০ লোক বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব। অৱশ্যে গুৱাহাটীৰ পৰা শ্বিলং, অৰুণাচল, ইম্ফললৈকো যাব।‘

‘কিন্তু অসমত অৱতৰণ কৰা লোকৰ সংখ্যা ২ হাজাৰতকৈ কম নহ’ব। সকলোখিনিকে কোৱাৰেন্টাইন কৰা হ’ব, এইটো চুড়ান্ত কথা। ১০০০ হোটেল ৰুম আছে গুৱাহাটীত। সকলো লোক গুৱাহাটীত নামে তেন্তে স্কুল, কলেজ নাইবা ভৱনত ৰাখিব লাগিব। এতিয়ালৈকে কোনো পৰিকল্পনা কৰিব পৰা নাই।কিয়নো লোকসকলৰ তথ্য ৪ ঘন্টাৰ পূৰ্বেহে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

যিসকল গুৱাহাটীলৈ আহিব তেওঁলোকলৈ অনুৰোধ জনাই হিমন্তই কয়, ‘যদি ২ হাজাৰ লোক গুৱাহাটীত নামে তেন্তে তেওঁলোকৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোতে ২৪ ঘন্টাতকৈ কম সময় নালাগিব। একোজন মানুহক ১০ মিনিট সময় লাগে স্বাস্থ্য পৰীক্ষা কৰোঁতে।‘

‘বিনম্ৰতাৰে সৈতে তেওঁলোকক ক্ষমা বিচাৰিছো কাইলৈ ২০০০ যাত্ৰী আহিলে তেওঁলোক থিয়ও হ’ব লাগিব বৰষুণতো তিতিব লাগিব।যিমান দূৰ সম্ভৱ আপোনালোকক হোটেলৰ কোঠা দিবলৈ চেষ্টা কৰিম। যদিহে লোকৰ সংখ্য বেছি হয় তেন্তে স্কুল, কলেজ বা ভৱনত থাকিব লাগিব।‘ হিমন্তই লগতে অনুৰোধ জনাই কয়।

ইপিনে কোন কোন লোক কোৱাৰেন্টাইন হ’ব নালাগে এই সন্দৰ্ভত তেওঁ উল্লেখ কৰি কয় ‘ফ্লাইটৰ পাইলট, ক্ৰ’কে ধৰি ফ্লাইটৰ পৰিচালনা কৰাৰ লগত জৰিতসকল কোৱাৰেন্টাইনত যাব নালাগে।যদি কোনো লোক ৰাতিপুৱা গুৱাহাটীত আহি উপস্থিত হৈ গধুলি সময়ত উভটি যায় সেইসকল কোৱাৰেন্টাইন হ’ব নালাগে।যদি তেওঁলোক গধূলি ঘুৰি নাযায় তেন্তে ৰাজ্য চৰকাৰে ফৌজদাৰী গোচৰ ৰুজু কৰিব।‘

ইয়াৰোপৰি, চৰকাৰী কাৰ্যসূচীত কোনো চৰকাৰী বিষয়া, প্ৰতিনিধি আহিলে তেওঁলোক কোৱাৰেন্টাইন হ’ব নালাগে বুলি উল্লেখ কৰি লগতে তেওঁ কয় ‘কিন্তু তেওঁলোকক আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা চৰকাৰী নিজা নিজা বিভাগসমূহে কৰিব লাগিব।‘

ইপিনে, আনুষ্ঠানিক কোৱাৰেন্টাইন কোন কোন থাকিব নালাগে উল্লেখ কৰি তেওঁ কয় ‘যদি দেউতাক মাক হস্পিতালত থাকে বা দেউতাৰ মাকৰ মৃত্যু হৈছে তথা তেওঁলোকৰ অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিবলৈ আহিছে তেন্তে সেইসকল হোম কোৱাৰেন্টাইনত থাকিব লাগিব।‘

‘৭৫ বছৰীয়া বা তাতকৈ ওপৰৰ বয়োজ্যেষ্ঠ লোকসকল, গৰ্ভৱতী, দিব্যাংগসকল ষ্টাম্পিঙৰ পাছত হোম কোৱাৰেন্টাইন হৈ থাকিব।‘ হিমন্তই এইদৰে কয়।