NORTHEAST NOW (Assamese)

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ; উৰণীয়া সেঁতুৰ পৰা আঁতৰিল “গুৰু আসন”

October 23, 2020 12:03 pm · কল্পজ্যোতি শইকীয়া
Updated: October 23, 2020 12:05 pm

পুনৰ এবাৰ দেখা গ’ল নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ। মহানগৰীৰ গণেশগুৰিত কালি শুভাৰম্ভ হোৱা উৰণীয়া সেঁতুৰ পৰা আতঁৰিল “গুৰু আসন” ৰ দৃশ্যাংশ।

শীঘ্ৰে ‘উৰণীয়া সেঁতু’ৰ পৰা ‘গুৰু আসন’ আঁতৰ কৰোৱাৰ দাবীৰে ফেচবুকত  জোৱাৰ উঠিছিল কালিৰ দিনটোত।

শুভাৰম্ভ হোৱাৰ দিনাই এটাৰ পাছত আন এটা বিতৰ্কই লগ নেৰা হৈছিল গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুক।

এফালে যদি নিৰ্মাণত থকা আঁসোৱাহ বিতৰ্ক, আনফালে আকৌ ফ্লাইঅভাৰৰ দেৱালত গুৰু আসনৰ দৃশ্য অংকন কৰাক লৈ বিতৰ্ক।

লগতে পঢ়ক: বিতৰ্কই লগ নেৰা মহানগৰীৰ এখন ফ্লাই অভাৰ; দেৱালত ‘গুৰু আসন’; তামোল-গুটখাৰ পিক, ফেইচবুকত ধুমুহা

প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৰাধা গোবিন্দ পথৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতু সংযোগী উৰণীয়া সেঁতুৰ দেৱালত ‘গুৰু আসন’ৰ দৃশ্য অংকনক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল।

শীঘ্ৰেই উক্ত স্থানৰ পৰা ‘গুৰু আসন’ৰ দৃশ্যাংশ মচি পেলাবৰ বাবেও ছ’চিয়েল মিডিয়াত দাবী উত্থাপন কৰা বিষয়টো গুৰুত্বসহকাৰে লৈ বাতৰি পৰিবেশন কৰিছিল নৰ্থ ইষ্ট নাওৱে।

বিভিন্নজনে ফেইচবুকত দাঙি ধৰা মতামত প্ৰকাশ কৰাৰ চেষ্টা কৰিছিল আমাৰ সাংবাদিকে।

তাৰ পাছতে আজি পুৱাৰ ভাগত দেৱালৰ পৰা মোহাৰি পেলোৱা হয় গুৰু আসনৰ সেই দৃশ্যাংশ।

বৰ্তমান সেই অংশ উকা হৈ আছে যদিও বৰষুণ এৰিলেই উক্ত স্থানত অন্য দৃশ্যাংশ অংকন কৰাৰ সম্ভাৱনা আছে।

Related News