কাণ্ডজ্ঞানহীন বিদ্যুৎ বিভাগ; হিমাৰ ৰূপৰ পদক লাভ কৰা ক্ষণ চাবলৈ নাপালে পিতৃ-মাতৃয়ে

হিমা দাস

বিদ্যুৎ বিভাগৰ লোড শ্বেডিঙে বিভিন্ন সময়ত ৰাইজক জ্বলাকলা খুৱাই অহাৰ সময়তে দেওবাৰে এছিয়ান গেমইছত অংশ গ্ৰহণ কৰা হিমাৰ নগাঁও জিলাৰ ধিঙস্থিত বাসগৃহত হিমাৰ পিতৃ-মাতৃয়ে বিদ্যুতৰ লোড শ্বেডিঙৰ বাবেই নিজৰ কন্যাৰ খেল উপভোগ কৰিবলৈ নাপালে।

উল্লেখযোগ্য যে দেওবাৰে চলিত এছিয়ান গেইমছৰ মহিলাৰ ৪০০ মিটাৰ দৌৰত অংশ গ্ৰহণ কৰা হিমাৰ খেল চাবৰ বাবে হিমাৰ ধিঙৰ কান্ধুলীমাৰীৰ বাসগৃহত প্ৰত্যেকেই হিমাৰ ৰূপৰ পদক লাভ কৰা ক্ষণ চোৱাৰ ইচ্ছাৰে অপেক্ষ কৰি আছিল।

আনকি এই ক্ষণ উপভোগ কৰাৰ উদ্দেশ্যে হিমাৰ বাসগৃহত প্ৰজেক্টৰ আৰু ডাঙৰ পৰ্দাৰ ব্যৱস্থা কৰা হৈছিল। আৰু সেই সময়ত হিমাৰ পিতৃ-মাতৃৰ লগতে ওচৰ-চুবুৰীয়াও উৎফুল্লিত হৈ আছিল হিমাৰ খেল উপভোগ কৰিবৰ বাবে।

কিন্তু মন কৰিব লগীয়া যে কাণ্ডজ্ঞানহীন বিদ্যুৎ বিভাগে সেই নিৰ্দিষ্ট সময়তে বিদ্যুৎ কৰ্তন কৰি হিমাৰ পিতৃ-মাতৃ তথা ওচৰ-চুবুৰীয়াকো হিমাৰ ৰূপৰ পদক লাভ কৰা ক্ষণ উপভোগ কৰাৰ পৰা বঞ্চিত কৰে।