হাতীৰ ভয়ত ত্ৰস্তমান গাঁওবাসী; বিপদৰ মাজত থকা বন্যপ্ৰাণীক সহায় কৰিবলৈও নাই বন বিভাগৰ লোক

ফটো: নৰ্থইষ্ট নাও।

People of Allibari in Rongjuli sent back the forest officials হাতী মানুহৰ সংঘাতে চুড়ান্ত ৰূপ লোৱা ভুক্তভোগী লোকৰ নিৰাপত্তা দিয়াৰ কথা বাদেই, বিপদৰ মাজত থকা বন্যপ্ৰাণীকো সহযোগ নকৰে বন বিভাগৰ লোকে। এই অভিযোগ ৰংজুলিৰ আল্লীবাৰীবাসীৰ।

বিগত ৪-৫ দিন ধৰি ধাৰাবাহিকভাৱে আল্লীবাৰীত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই তহিলং কৰিছে শ শ বিঘা ধান খেতি। নষ্ট কৰিছে বাৰীৰ গছ গছনি। নিশা আতংকত শুব পৰা নাই গাঁওবাসী। আতংকময় পৰিৱেশ আল্লীবাৰী অঞ্চলত ৷ 

ফটো: নৰ্থইষ্ট নাও।

ধাননি পথাৰত এটা বনৰীয়া হাতীৰ বৃহৎ জাক। জাকটোত থকা এটা গাভিনী হাতীয়ে পুৱতি নিশা পথাৰতে জন্ম দিয়ে এটা পোৱালী। যন্ত্ৰণাত ছটফটাই থকা হাতী আৰু পোৱালীটোক ইচ্ছা থকা সত্বেও সহায় কৰিব পৰা নাই গাঁওবাসীয়ে। কিয়নো হাতীটোক চাৰিওফালৰ পৰা আন কেইবাটাও হাতীয়ে ৰক্ষণাবেক্ষণ দি ৰাখিছিল।

হাতীটোৰ মৰণকাতৰ চিঞৰ সহিব নোৱাৰি গঞাই খৱৰ দিলে ৰংজুলি বন বিভাগক। কিন্তু নাহিল বন বিভাগৰ লোক। বহু পলমকৈ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় যদিও হাতীটোক নিৰাপদে বনলৈ পঠিওৱাৰ পৰিৱৰ্তে শূন্যলৈ গুলি ফুটাবলৈ চেষ্টা কৰে।কিন্তু স্থানীয় লোকে বাধা প্ৰদান কৰি খেদি পঠিয়ায় বন বিভাগৰ দলটোক।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, শ শ লোকে নিৰাপদে খেদি পঠিয়ায় পোৱালীসহ হাতীটোক। পোৱালীসহ হাতীটোক ছাবলৈ শ শ লোক সমবেত হয় আল্লীবাৰীত। এক বিৰল দৃশ্যৰ সাক্ষী হৈ ৰয় অঞ্চলবাসী।

আনহাতে, বন বিভাগৰ এনে অকৰ্মণ্যতা আৰু অৱহেলাকলৈ স্থানীয় লোকে ক্ষোভ ব্যক্ত কৰিছে ।