অহা জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক লিডু দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্ততি

Bartajeebi sangha

অসমৰ সংবাদসেৱীসকলৰ অন্যতম শক্তিশালী মঞ্চ অসম  বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক দ্বি- বাৰ্ষিক অধিবেশনখনি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত ডিগবৈ প্ৰেছ ক্লাব আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত তথা তিনিচুকীয়া , ডুমডুমা কাকপথাৰ শদিয়া ছৈখোৱা আটাইকেইটা প্ৰেছ ক্লাব তথা তিনিচুকীয়া জিলাবাসী ৰাইজৰ সহযোগত ২১, ২২ আৰু ২৩ জানুৱাৰীত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ লিডু ( লিডু ৰেলৱে ৰঙ্গমঞ্চ)ত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। 

দেওবাৰে লিডু কলেজ প্ৰেক্ষাগৃহত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে জিলা সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে।

সভাখনত উপস্থিত থাকি বিশিষ্ট সমাজসেৱক ড° ৰঞ্জিত দত্ত ,জ্যেষ্ঠ সাংবাদিক জগত চাংমাই , অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূব মণ্ডলৰ উপ সভাপতি কমল তালুকদাৰ,সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা, লিডু কলেজৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায়, লিডু শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰী মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকা তিনিচুকীয়া জিলা কবি সন্মিলনৰ সম্পাদক অশ্বিনী গগৈ মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, অধিবক্তা ৰূপা কুমাৰী সিং, মহিলা নেত্ৰী অনিতা দাস মহান্তি, বৰগোলাই গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ মুনমী গগৈ আদিয়ে বক্তব্য ডাঙি ধৰে।

সভাখনত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক পেট্ৰ’লিয়াম আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলীক মুখ্য পৃষ্ঠপোষক, ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক সভাপতি, ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু ড° ৰঞ্জিত দত্তক কাৰ্যকৰী সভাপতি সুখদেৱ শৰ্মা , কৈলাশ গুপ্তা ৰাজেন্দ্ৰ প্ৰসাদ ৰায়, সুনীল গুৰুং , তৰুণ গগৈ, মুনমী গগৈ, মীনা নাথ ,অনিতা দাস মহান্তী, ৰূপা কুমাৰী সিং, অনীলা ফুকন, অঞ্জুমা আহমেদক উপ- সভাপতি, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগক মুখ্য সাধাৰণ সম্পাদক, মনোৰঞ্জন দাস আৰু প্ৰশান্ত চেতিয়াক সাধাৰণ সম্পাদকদ্বয়, তপন দে ৰমনি বুঢ়াগোঁহাই হেমন্ত কুমাৰ শইকীয়া মনোজ ফুকনক যুটীয়া সম্পাদক দিনেশ গোয়েলক কোষাধ্যক্ষ হিচাপে লৈ এখন ৫১ জনীয়া কাৰ্যনিৰ্বাহক  কমিটি আৰু ১৫ খন উপ সমিতিৰে অখন আদৰণি সমিতি গঠন কৰা হয়।

তিনিচুকীয়া ডুমডুমা প্ৰেছ ক্লাবৰ সম্পাদক ক্ৰমে প্ৰনৱ ফুকন আৰু  মনোজ বৰুৱা  তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক মনোজ দত্ত  জিলা কাৰ্যনিৰ্বাহক সদস্য অভিজিৎ খাটনীয়াৰ আদিৰ লগতে আছা আগছু ভোজপুৰী পৰিষদ, যুৱ ছাত্ৰ পৰিষদ আদি আহোম সভা  চেগুনবাৰী বজাৰ কমিটি লিডু য়ৰ্থ ক্লাব  আদি বহু দল সংগঠনৰ প্ৰতিনিধি সভাখনত উপস্থিত থাকে ।

উল্লেখ্য যে – ১৯৭৪ চনত গঠিত  অসম বাৰ্তাজীৱী সংঘ ভাৰতীয় বাৰ্তাজীৱী মহাসংঘ (Affiliated to Indian Federation Of Working Journalist’s, Head Office : New Delhi) ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত ২৩খন জিলা সমিতিৰ লগতে  গুৱাহাটীৰ প্ৰায় কেইটা মিডিয়া হাউছৰে সদস্য আছে সংঘত।

এই অধিবেশন উপলক্ষে ৰাজ্যিক ভিত্তিত সাংবাদিক সতীৰ্থ সন্মিলন সাংস্কৃতিক শোভাযাত্ৰা জনগোষ্ঠীয় লোককৃষ্টি সমাৰোহ নাট প্ৰদৰ্শনী কবিতা – গীতৰ অনুষ্ঠান মুকলি সভা স্মৃতিগ্ৰন্থ তথা বিভিন্ন গ্ৰন্থ প্ৰকাশ সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচী হাতত লোৱা হৈছে। 

ৰাজ্যখনৰ তিনি শতাধিক সাংবাদিক-সংবাদকৰ্মী-বুদ্ধিজীৱি -সাহিত্যিকে অধিবেশনখনত অংশগ্ৰহণ কৰিব ।