কামৰ হেঁচা! চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে কোৰিয়াৰ এটা AI ৰবটে

কামৰ হেঁচাত মানুহৰ দৰেই আত্মহত্যাৰ পথ বাচি লৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা নিৰ্মিত ৰবটে। দক্ষিণ কোৰিয়াৰ এখন চহৰত  বুধবাৰে সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, কাৰ্যালয়ৰ চিৰিৰ পৰা জঁপিয়াই নিজকে ধ্বংস কৰি দিয়ে ৰবটটোৱে।

এই ঘটনাক এতিয়া বিশ্বত ৰবটৰ প্ৰথমটো আত্মহত্যা বুলি অভিহিত কৰা হৈছে।

দক্ষিণ কোৰিয়াৰ গুমি চিটি কাউন্সিলে জনোৱা মতে, যোৱা সপ্তাহত তেওঁলোকৰ ৰবট বিষয়াজনে দুই মিটাৰ উচ্চতাৰ চিৰিৰ পৰা জঁপিয়াই দিয়ে।

প্ৰত্যক্ষদৰ্শীয়ে দুৰ্ঘটনাৰ পূৰ্বে একেটা স্থানতে ৰবটটোৱে ঘূৰি থকা দেখিছিল। কিন্তু ৰবটটোৰ ধ্বংসৰ সঠিক কাৰণৰ বিষয়ে এতিয়াও তদন্ত চলি আছে বুলি নগৰ পৰিষদৰ এজন বিষয়াই এএফপিক জনায়।

বিষয়াগৰাকীয়ে কয় যে ৰবটটোৰ ভঙা টুকুৰাবোৰ সংগ্ৰহ কৰা হৈছে আৰু কোম্পানীয়ে ইয়াক পৰীক্ষা কৰিব।

জানিব পৰা মতে, দৈনিক নথি-পত্ৰ ডেলিভাৰী, মহানগৰীত প্ৰচাৰৰ কাম কৰা আৰু স্থানীয় বাসিন্দাক তথ্য প্ৰদানৰ কামত জড়িত আছিল এই ৰবটটো।

উল্লেখ্য যে ২০২৩ চনৰ আগষ্ট মাহত এই ৰবটটোক চহৰখনত প্ৰশাসনিক দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াক কেলিফৰ্ণিয়াস্থিত ৰবটিক্স ষ্টাৰ্টআপ বিয়াৰ ৰবটিক্সে নিৰ্মাণ কৰিছিল। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাম কৰা এই ৰবটটোৰ নিজাকৈ অসামৰিক সেৱা বিষয়াৰ কাৰ্ড আছিল।

ইণ্টাৰনেশ্যনেল ফেডাৰেচন অৱ ৰবটিক্সৰ তথ্য অনুসৰি দক্ষিণ কোৰিয়াই ৰবট ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আগবাঢ়ি আছে। দেশত প্ৰতি ১০ জন কৰ্মচাৰীৰ বিপৰীতে এটাকৈ উদ্যোগিক ৰবট আছে।

এ এফ পিৰ বাতৰি অনুসৰি গুমি চহৰ পৰিষদে বৰ্তমান দ্বিতীয়জন ৰবট বিষয়াক চিনাকি কৰাই দিয়াৰ কোনো পৰিকল্পনা কৰা নাই।