সবকা চাথ সবকা বিকাশ! পাঁচ বছৰত কিমান বাঢ়িল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ পৰিমান?

Sarbananda Sonowal with Gaurav Gogoi

অসমত শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁট চৰকাৰে বিগত পাঁচবছৰত ৰাজ্যখনৰ উন্নয়নৰ বাবে অভূতপূৰ্ব কাম কৰা বুলি দাবী কৰি আহিছে।

সেয়াই নহয়, অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ মন্ত্ৰী তথা নেতাসকলে সততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা চাথ সবকা বিকাশ’ শ্ল’গান আওৰাই আহিছে।

অসমৰ জনসাধাৰণৰ বিকাশৰ বিষয়টোক লৈ ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকে অসন্তুষ্টি ব্যক্ত কৰি অহা পৰিলক্ষিত হৈছে।

আনহাতে, বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ বিগত পাঁচ বছৰৰ বিকাশক লৈ কিন্তু কাৰোৱে দ্বিমত নাই।

বিজেপিৰ আন নেতা-মন্ত্ৰীসকলৰ লগতে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো সম্পত্তিৰ পৰিমান যোৱা পাঁচ বছৰত লেখত ল’বলগীয়াকৈ বৃদ্ধি পাইছে।

মঙলবাৰে মাজুলীত বিজেপিৰ প্ৰাৰ্থী ৰূপে দাখিল কৰা শপতনামাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে।

বিগত পাঁচবছৰত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমান বৃদ্ধি পালে ১ কোটি ৩৫ লাখ ৫৩ হাজাৰ ৪৮৪ টকা।

বৰ্তমান ১ কোটি ১৪ লাখ ৭৬ হাজাৰ ৩৯৪ টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী মুখ্যমন্ত্ৰী সোণোৱাল।

তথ্য অনুসৰি, মুখ্যমন্ত্রীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২ কোটি ২ লাখ ৯৫ হাজাৰ টকা।

২০১৬ চনৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামাত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি আছিল ১কোটি ৮২ লাখ ১৭ হাজাৰ ৯১০ টকা। ইয়াৰে ১কোটি ১ লাখ ৩৭ হাজাৰ ৯১০ টকা আছিল অস্থাৱৰ সম্পত্তি। সেইদৰে আছিল ৮০ লাখ ৮০ হাজাৰ টকাৰ স্থাৱৰ সম্পত্তি।

বৰ্তমান মুখ্যমন্ত্রীৰ হাতত জমা আছে ৩৯ হাজাৰ ৩০ টকা ১৩ পইচা। বিভিন্ন বেংকত জমা আছে ৩৮ লাখ ২ হাজাৰ ৪৯৮ টকা ৯৮ পইচা। তদুপৰি,  ১৩ লাখ ৪ হাজাৰ ৬৯৭ টকা, ৭০ পইচাৰ অইলত শ্বেয়াৰ আছে।

মুখ্যমন্ত্রী সোণোৱালৰ ৪৩ লাখ ২৬ হাজাৰ ৪৬১ টকাৰ বীমা পলিচি থকাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীৰ ১৬ লাখ ৭৮ হাজাৰ ৭০৭ টকাৰ ঋণ আছে।