সকাহ! যোৱা ২৪ ঘন্টাত দেশত সামান্য হ্ৰাস পালে দৈনিক সংক্ৰমণ তথা মৃত্যুৰ হাৰ

warrior

প্ৰতিনিধিত্বমূলক ফটো।

যোৱা কেইবাদিনো ধৰি দ্ৰুত গতিত বৃদ্ধি পোৱা সংক্ৰমণৰ হাৰ সামান্য নিম্নমুখী হৈছে। তথাপি দৈনিক সংক্ৰমণ ৩লাখৰ সীমাৰ তললৈ নমা নাই।

মঙলবাৰে পুৱা দাঙি ধৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩লাখ ২৩ হাজাৰ ১৪৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

সেইদৰে, দেশত এই সংখ্যা পূৰ্বৰ দিনৰ তুলনাত প্ৰায় ২০ হাজাৰ হ্ৰাস পাইছে। সোমবাৰে এই সংখ্যা আছিল চাৰে তিনিলাখ।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১কোটি ৭৬লাখ ৩৬হাজাৰ ৩০৭জন।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ২হাজাৰ ৭৭১ জন লোকৰ কৰ’নাত মৃত্যু হৈছে। দেশত এতিয়া মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৯৭হাজাৰ ৮৯৪ জনলৈ বৃদ্ধি পাইছে।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ২লাখ ৫১হাজাৰ ৮২৭ জন লোকে।

দেশত এতিয়ালৈকে মুঠ ১কোটি ৪৫লাখ ৫৬হাজাৰ ২০৯ জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

ইপিনে দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ২৮ লাখ ৮২হাজাৰ ২০৪ জনলৈ বৃদ্ধি পালে।

আনহাতে, দেশত এতিয়ালৈ মুঠ ১৪ কোটি ৫২  লাখ ৭১হাজাৰ ১৮৬ জন লোকে কৰ’নাৰ ভেকচিন লাভ কৰিছে।

দেশত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে টীকাকৰণৰ গতি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। অহা ১ মে’ৰ পৰা ১৮ বছৰৰ উৰ্ধৰ প্ৰত্যেককে কৰ’নাৰ ভেকচিন দিয়া হ’ব।

বিগত পাঁচ দিন ধৰি দেশত কৰ’নাৰ সংক্ৰমণৰ হাৰ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছিল। তিনিদিনৰ ভিতৰতেই আক্ৰান্তৰ সংখ্যাই ১০লাখ অতিক্ৰম কৰিছিল। মঙলবাৰে সেই ধাৰাবাহিকতাৰ সামান্য যতি পৰে আৰু সংক্ৰমণৰ হাৰ সামান্য হ্ৰাস পায়।