নিজৰ কথাত অলৰ-অচৰ ষ্টেট বেংক অব্ ইণ্ডিয়া : RTIযোগে নিৰ্বাচনী বণ্ডৰ তথ্য দিবলৈ অস্বীকাৰ বেংকটোৰ

পুনৰ প্ৰেক্ষাপটত নিৰ্বাচনী বণ্ডৰ প্ৰসংগ৷আৰটিআই আইনৰ অধীনত ৰেহাইৰ উদ্ধৃতি দি ভাৰতীয় ষ্টেট বেংকে কয় যে, যোৱা ২১ মাৰ্চত ভাৰতীয় নিৰ্বাচন আয়োগক অৱসৰপ্ৰাপ্ত বিষয়া লোকেশ বাট্ৰাক দাখিল কৰা নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰদান কৰিব নোৱাৰিব।

প্ৰতিবেদন অনুসৰি, ১১ মাৰ্চত উচ্চতম ন্যায়ালয়ত বেংকক প্ৰতিনিধিত্ব কৰাৰ বাবে অধিবক্তা হৰিশ ছালভেক কিমান ধন দিয়া হৈছিল সেই বিষয়েও বাট্ৰাক তথ্য দিবলৈ অস্বীকাৰ কৰে এছবিআইয়ে।উল্লেখ্য যে যেতিয়া এছ বি আইয়ে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰিবলৈ তিনি মাহৰ অতিৰিক্ত সময় বিচাৰিছিল, তেতিয়া বেংকৰ হৈ অধিবক্তা আছিল ছালভে। উক্ত আৱেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত এছবিআইয়ে ২১ মাৰ্চত ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ তথ্য ইচিআইক গতাই দিছিল, য’ত প্ৰতিটো বণ্ডৰ সৈতে জড়িত অনন্য সংখ্যা আছিল যিয়ে বণ্ড দাতাক বণ্ড গ্ৰহণকাৰী ৰাজনৈতিক দলৰ সৈতে মিলাই দিয়াত সহায় কৰে৷ইচিআইয়ে সেইদিনাই নিজৰ ৱেবছাইটত এই তথ্য ৰাজহুৱা কৰিছিল। কিন্তু যেতিয়া বাট্ৰাই বেংকৰ পৰা একে তথ্য দাবী কৰে তেতিয়া কয় যে উক্ত তথ্যসমূহ আৰটিআইৰ নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।

এছবিআইৰ গোচৰৰ প্ৰতিনিধিত্ব কৰাৰ বাবে হৰিশ ছালভেক দিয়া ‘মুঠ ধন’ সন্দৰ্ভত তেওঁৰ প্ৰশ্নত বেংকে পুনৰ আৰ টি আই আইন আৰু আইনখনৰ অনুৰূপ ধাৰাত ৰেহাই দিয়াৰ কথা উল্লেখ কৰে।