উকা হ’ল অসমৰ আধ্যাত্মিক জগতখন; বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণত শোকস্তব্ধ ৰাজ্যবাসী

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা তথা শংকৰদেৱ বঁটাৰ লগতে কেইবাটাও বঁটা-উপাধি প্ৰাপক আৰু দ্বিতীয় বৈকুণ্ঠপুৰীখ্যাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণত শোকস্তব্ধ ৰাজ্যবাসী ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত চিকিৎসাধীন অৱস্থাত কালি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰা বুঢ়াসত্ৰীয়া গৰাকীৰ নশ্বৰদেহ কালিয়েই নিশা সুন্দৰীদিয়াস্থিত বাসগৃহলৈ অনা হয় ৷

ইপিনে, আজি বুঢ়া সত্ৰীয়া গৰাকীৰ নশ্বৰদেহ লৈ শোভাযাত্ৰা কৰি বৰপেটা সত্ৰৰ সমীপলৈ লৈ অহা হয় ৷ এই সময়চোৱাত অজস্ৰ লোকে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক ৷

বুঢ়া সত্ৰীয়া গৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে বৰপেটা সত্ৰৰ অস্থায়ী বাছ আস্থানত আজি ৰখা হ’ব বুঢ়া সত্ৰীয়া গৰাকীৰ নশ্বৰদেহ ৷ কাইলৈ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য  সমাপন কৰিব বুঢ়া সত্ৰীয়া গৰাকীৰ ৷

উল্লেখ্য যে, ১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰে বশিষ্ঠ দেৱ শৰ্মাই ৷ বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শৰ্মাই পৰৱৰ্তী সময়ত দক্ষিণহাটী প্ৰাথমিক বিদ্যালয় আৰু বিলৰতাৰীহাটী  প্ৰাথমিক বিদ্যালয়তো শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে ৷

 শিশু কালৰ পৰাই সত্ৰীয়া পৰিবেশত ডাঙৰ দীঘল হোৱা শৰ্মাই অনাতাৰ কেন্দ্ৰত নাম প্ৰসংগ তথা নাটকত অংশ গ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰিছিল ৷ তেওঁৰ কণ্ঠত পৰিবেশন কৰা ঘোষা, নাম আৰু হোলীগীত অদ্বিতীয় আৰু অনন্য ৷

তেওঁ ১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হয় ৷ ১৪ বছৰ ডেকা সত্ৰীয়া পদত নিজৰ সেৱা আগবঢ়াই ২০০৭ চনৰ পৰা তেখেত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদ অলংকৃত কৰে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰপেটা সত্ৰৰ শাখা স্থাপন কৰি দুজনা গুৰুৰ ধৰ্ম প্ৰচাৰৰ কামত নিমজ্জিত হৈছিল বশিষ্ঠ দেৱ শৰ্মা ৷ অংকীয়া নাটৰ লগতে বিভিন্ন নাটকত  তেওঁ অভিনয় কৰি ৰাইজক আপ্লুত কৰিছিল ৷

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ উপৰি সাহিত্য চৰ্চাত জড়িত হৈ বিভিন্ন নাটক অসমীয়া ভাষালৈ অনুবাদ কৰিছিল বশিষ্ঠ দেৱ শৰ্মাই ৷ হিন্দু মুছলমানৰ সমন্বয়ৰ অন্যতম কাণ্ডাৰী হিচাপেও বিবেচিত হোৱা বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান এতিয়া হৈ পৰিছে এটি যুগৰ অৱসান।