• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিহাসৰ পাঠ্যপুথিত থাকিব ৰামৰ বনবাসৰ কাহিনী : চৰকাৰলৈ প্ৰস্তাৱ NCERT ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 10:05 am
913
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে অনুমোদন দিলেই অতি সোনকালেই ইতিহাসৰ পাঠ্য-পুথিত সন্নিৱিষ্ট হ’ব ৰামায়ণৰ কাহিনী। ইতিহাসৰ পাঠ্যক্ৰমত থাকিব ৰামৰ জন্ম, শাসন আৰু বনবাসৰ কাহিনী। এই সময়ছোৱাৰ ইতিহাসক ধৰা হ’ব ‘ক্লাছিকেল পিৰিয়ড’ৰ ইতিহাস হিচাপে। ইতিমধ্যে এই সন্দৰ্ভত ‘নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ NCERT ৰ উচ্চ পৰ্যায়ৰ কমিটিয়ে চৰকাৰলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

এন চি আৰ টিৰ এই কমিটীৰ অধ্যক্ষ চি আই আইজাকে কয়, “বৰ্তমানৰ ইতিহাসৰ পাঠ্যক্ৰমত ভাৰতৰ প্ৰাচীন ইতিহাস হিচাপে যি শিকোৱা হয়, সেইখিনি মূলতঃ বিদেশী আগ্ৰাসনৰ কথাহে কোৱা হয়। ইয়াত বিদেশী বাহিনীৰ বিষয়েহে বিতংভাৱে উল্লেখ কৰা হৈছে। যিসকলে আমাক আক্ৰমণ কৰি শাসন কৰিছিল, তেওঁলোকৰ কথা কোৱা হৈছে। মহাকাব্য যুগৰ ইতিহাস আৰু বৈদিক যুগৰ ইতিহাস গ্ৰন্থবোৰত নাই। যাৰ বাবে আমাৰ ল’ৰা-ছোৱালীয়ে ভাৰতৰ সোণালী যুগৰ কথা জনাৰ পৰা বঞ্চিত হৈ ৰয়। তেওঁলোকৰ পাঠ্যক্ৰমত ৰামায়ণ বা মহাভাৰত নাই। আমাৰ প্ৰথম বৈঠকত আমি ৰামক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিলো। আমি কেৱল আক্ৰমণকাৰীৰ ইতিহাস কিয় পঢ়ো? আমাৰ গ্ৰন্থত ভাৰতৰ সোণালী যুগ কিয় নাই?”

ইয়াৰ পূৰ্বে আইজাকৰ নেতৃত্বত গঠিত সাতজনীয়া কমিটীয়ে ইতিহাসৰ কিতাপত দেশৰ নাম হিচাপে কেৱল ‘ভাৰত’হে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। ‘ক্লাছিকেল হিষ্ট্ৰী’ নামৰ নতুন অধ্যায় এটা যোগ কৰাৰ প্ৰস্তাৱ দি সমিতিয়ে পৰামৰ্শ দিয়ে যে ধ্ৰুপদী ইতিহাসত বেদৰ কিছু অংশ, বৈদিক যুগ, ৰামায়ণৰ গুৰুত্বপূৰ্ণ অংশ আৰু ৰজা হিচাপে ৰামৰ যাত্ৰাৰ কিছু অংশ অন্তৰ্ভুক্ত কৰা উচিত। 

আনহাতে আধুনিক ভাৰতৰ ইতিহাসত ব্ৰিটিছ শাসকসকলৰ কথা কমকৈ উল্লেখ কৰি নেতাজী সুভাষ চন্দ্ৰ বসু, শ্যামপ্ৰসাদ মুখোপাধ্যায়, চন্দ্ৰশেখৰ আজাদকে ধৰি ‘জাতীয় বীৰ’ৰ বিস্তৃত অধ্যায় অন্তৰ্ভুক্ত কৰিবলৈও কমিটীয়ে পৰামৰ্শ আগবঢ়ায়।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd