কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছফিয়া কুৰেশীক লৈ দিয়া বক্তব্যৰ গোচৰত উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ দিছে।
ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত দুজনীয়া ন্যায়াধীশ বিচাৰপীঠে এই গোচৰৰ তদন্ত এছ আই টিয়ে কৰিব লাগে বুলি মন্তব্য কৰে।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, “এছ আই টিত মধ্যপ্ৰদেশ কেডাৰৰ তিনিজন জ্যেষ্ঠ আই পি এছ বিষয়া থাকিব লাগিব, যিসকল মধ্যপ্ৰদেশ ৰাজ্যৰ নহয়। তিনিজন বিষয়াৰ ভিতৰত এগৰাকী মহিলা আই পি এছ বিষয়া থাকিব লাগিব তদন্তকাৰী দলটোত।”
জানিব পৰা মতে, কাইলৈ পুৱা ১০ বজাৰ ভিতৰত এছ আই টি গঠন কৰিবলৈ মধ্যপ্ৰদেশৰ ডি জি পিক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
আদালতে কয় যে এই এছ আই টিৰ নেতৃত্বত মহাপৰিদৰ্শক বা তাতোকৈ উচ্চ পদস্থ বিষয়া থাকিব লাগিব। বাকী দুজন বিষয়া জিলা আৰক্ষী অধীক্ষক পৰ্যায়ৰ হ’ব লাগিব।
তদন্তত বিজয় শ্বাহে সহযোগ কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিছে। সম্প্ৰতি আদালতে তেওঁৰ গ্ৰেপ্তাৰ স্থগিত ৰাখিছে। ২৮ মে’ৰ ভিতৰত এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।