দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’বলৈ ওলোৱা ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ? গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ আজি শুনানি

অধিবক্তা আৰ পি লুথৰা আৰু অধিবক্তা সত্যবীৰ শৰ্মাই জনাইছে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান

RanjanGogoi

ফাইল ফটো : ৰঞ্জন গগৈ

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতিয়ে ইতিপূৰ্বে নিযুক্তি দিয়া অসম সন্তান ৰঞ্জন গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা এখন আৱেদনৰ আজি শুনানি হ’ব শীৰ্ষতম আদালতখনত। মাত্ৰ আৰু এসপ্তাহ দায়িত্বত থকা বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খালৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ে গঠিত এখন বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে অসম সন্তান তথা বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত ৰঞ্জন গগৈয়ে অহা ৩ অক্তোবৰত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাটো প্ৰায় নিশ্চিত হৈয়ে আছে।

অহা ২ অক্তোবৰত অৱসৰ ল’ব লগীয়া বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই তেওঁৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কেৱল ৰঞ্জন গগৈৰ নামটো চৰকাৰলৈ অনুমোদন কৰি পঠাইছিল আৰু সেইটোৰ ভিত্তিত ১০ দিনৰ ভিতৰতে ৰাষ্ট্ৰপতিয়ে গগৈক নিযুক্তি দিয়ে। এতিয়া কেৱল অহা ৩ অক্তোবৰত শপত আৰু দায়িত্ব গ্ৰহণ বাকী আছিল।

কিন্তু এই সময়তে ৰঞ্জন গগৈয়ে যোৱা ১২ জানুৱাৰিত আন ৩জন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সৈতে লগ লাগি এখন সংবাদমেল দিয়াৰ ঘটনাটোক টানি আনি দুজন অধিবক্তাই তেওঁ এই শীৰ্ষ পদটোৰ বাবে অযোগ্য বুলি দাবী কৰি তেওঁৰ নিযুক্তি বাতিল কৰিবলৈ আৱেদন জনাইছে উচ্চতম ন্যায়ালয়ত। অধিবক্তা দুজন হ’ল ক্ৰমে অধিবক্তা আৰ পি লুথৰা আৰু অধিবক্তা সত্যবীৰ শৰ্মা।

তেওঁলোকে উপৰোক্ত সংবাদমেলৰ প্ৰসংগেৰে কয় যে দেশৰ ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা লোক এজন কেনেকৈ মুখ্য ন্যায়াধীশ হ’ব পাৰে? ”এই ন্যায়াধীশ চাৰিজনৰ কাণ্ড দেশৰ ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি কূটাঘাতৰ দৰেই।” এইদৰে কোৱা হয় আৱেদনখনত। তেওঁলোকে ৰঞ্জন গগৈৰ নিযুক্তি বাতিল কৰাৰ আৱেদন জনাইছে। লগতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ আৱেদনখনক উপযুক্ত সময়ত গুৰুত্ব নিদিয়া বুলিও অসন্তোষ প্ৰকাশ কৰিছে, যাৰ বাবে গগৈৰ নিযুক্তি নিশ্চিত হ’ল।

মন কৰিব লগীয়া যে অধিবক্তা দুজনৰ এই আৱেদন সত্ত্বেও ৰঞ্জন গগৈক নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে। গগৈৰ নিযুক্তি নিশ্চিত হৈ আছে যদিও আজি উক্ত আৱেদনখনৰ শুনানি লোৱা হ’ব।

উল্লেখযোগ্য যে যোৱা ১২ জানুৱাৰিত ৰঞ্জন গগৈ আৰু শীৰ্ষ আদালতখনৰ আন ৩জন জ্যেষ্ঠ ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই গোচৰ আবণ্টনত পক্ষপাতমূলক ভূমিকা লোৱাৰ মুকলি অভিযোগ তুলি সংবাদমেল দিছিল। তেওঁলোকে দেশৰ ন্যায় ব্যৱস্থাটোক বচাবলৈ আহ্বান জনাইছিল। তেওঁলোকৰ এই পদক্ষেপে দেশজুৰি এক প্ৰকাৰৰ আলোড়ন তুলিছিল।