ছাত্ৰজনে শ্ৰেণীত পঢ়া নাছিল।যাৰ ফলত এজন শিক্ষকৰ বিৰুদ্ধে গছত বান্ধি প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। উত্তৰ প্ৰদেশৰ মইনপুৰীত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনক ঘৰত কাকো নক’বলৈ ভাবুকি দিছিল শিক্ষকগৰাকীয়ে। শিশুটিৰ পৰিয়ালে শুকুৰবাৰে শিক্ষকজনৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰে। তাৰ আধাৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে মইনপুৰীৰ নাগ্ৰী আন্টিৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ত।
বিদ্যালয়খনৰ অধ্যক্ষ সুখবীৰ সিঙে এই ঘটনাৰ বিষয়ে একো নাজানে বুলি দাবী কৰে। এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ছাত্ৰজনৰ দেউতাকে কয় যে, ‘বুধবাৰৰ পৰা মোৰ ল’ৰাটোৱে স্কুললৈ যাব বিচৰা নাই।সি ভয় খাইছে।’
উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মীৰুটত ১৩ বছৰীয়া দলিত ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত এগৰাকী শিক্ষকে নিলম্বন কৰিছিল। অভিযোগ অনুসৰি ক্লাছত ছাত্ৰজনক লাঠিৰে প্ৰহাৰ কৰিছিল। সেই আঘাতৰ চিন তেওঁৰ মুখ আৰু পিঠিত আছিল। এই বিষয়টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছতে আৰক্ষীয়ে ব্যৱস্থা ল’বলৈ বাধ্য হয়। ছাত্ৰজনৰ পিতৃয়ে অভিযোগ কৰে যে প্ৰথম অৱস্থাত ভবনপুৰ আৰক্ষী থানাই অভিযোগ ল’ব নিবিচাৰে। পাছত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত তেওঁ থানাত এফআইআৰ দাখিল কৰে।