সমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা নিৰন্তৰ বৃদ্ধি পাই আছে। ভাৰততো লকডাউনৰ মাজতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে।
ভাৰতত বৰ্তমান আক্ৰান্তৰ সংখ্যা ৮,৩২৬জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত ২৭৬জন লোকৰ মৃত্যু হৈছে। আনহাতে, ইয়াৰ মাজত ৭১৬জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।
ইতিমধ্যে পঞ্জাৱ, উৰিষ্যা, তেলেংগানাত ৰাজ্য চৰকাৰে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে। লকডাউনৰ মাজতে দিল্লীত ১০৬৯টা নতুন ঘটনা ধৰা পৰিছে।
ইপিনে, ১১ এপ্ৰিললৈকে দেশত ক’না ভাইৰাছৰ ফলত মৃত্যুৰ হাৰ ৩.২১শতাংশ।
দেখা গৈছে যে কৰ’নাৰ পৰীক্ষা কৰাৰ হাৰ যিখন ৰাজ্যত বেছি তাত মৃত্যুৰ হাৰ কম। পঞ্জাৱত বৰ্তমানলৈকে ৩হাজাৰ ৪৬১জনৰ পৰীক্ষা কৰা হৈছে। ইয়াত মৃত্যুৰ হাৰ ৮.৩৩। মধ্য প্ৰদেশত ৭হাজাৰ ৪৯টা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াত ৪৩২জন পজিটিভ ৰোগী ধৰা পৰিছে। ৰাজ্যখনত এতিয়ালৈকে ৩৩জনৰ লোকৰ মৃত্যু হৈছে।
ইপিনে, দিল্লীত ১০ এপ্ৰিললৈকে ১১হাজাৰ ৬১টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াত এতিয়ালৈকে ১৪জন ৰোগীৰ মৃত্যু হৈছে। দিল্লীত মৃত্যুৰ হাৰ ১.৪৪শতাংশ।
কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। শনিবাৰলৈকে ৰাজ্যখনত ৩০ হাজাৰ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত ১,৫৭৪টা পজিটিভ ঘটনা ধৰা পৰিছে।
আনহাতে, দ্বিতীয় ক্ষতিগ্ৰস্ত ৰাজ্য তামিলনাডুত ৮,৪১০টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ৯১১টা পজিটিভ ঘটনা ধৰা পৰিছে। ৰাজ্যখনত এতিয়ালৈকে ৮জন লোকৰ মৃত্যু হৈছে।