ছলমান খানে ৰাণু মণ্ডলক ৫০ লাখ টকাৰ ফ্লেট উপহাৰ দিয়াৰ আঁৰৰ সত্যতা

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ গীত গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল আজি নিজৰ প্ৰতিভাৰ বলত দেশৰ এগৰাকী শেহতীয়া তাৰকালৈ পৰিগণিত হৈছে।

বলিউদৰ আগশাৰীৰ সংগীত পৰিচালক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক দিছে হিন্দী চিনেমাত গান গোৱাৰ সুযোগ। ইতিমধ্যে গীতটোৰ ৰেকৰ্ডিঙো হৈ গৈছে।

ৰেকৰ্ডিঙৰ ভিডিঅ’টো হিমেশ ৰেশমিয়াই ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰাৰ পাছতে ইণ্টাৰনেট জগতত সৃষ্টি হৈছিল খলকনিৰ। সকলোৱে ৰাণু মণ্ডলৰ কণ্ঠৰ প্ৰেমত পৰাৰ লগতে ‘মেলডি কুইন’ ৰূপেও আখ্যা দিছে বহুজনে।

লগতে পঢ়ক http://দহ বছৰৰ পিছত “চেলিব্ৰেটি” মাক ৰাণু মণ্ডলক বিচাৰি আহিল জীয়েকে; ছ’চিয়েল মিডিয়াত ভৰ্ৎসনা

ইয়াৰ মাজতে শেহতীয়াকৈ ছচিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছে যে বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানে ৰাণু মণ্ডলক এটা ৫৫ লাখ টকীয়া ফ্লেট উপহাৰ হিচাপে দিছে।

আনকি ইয়াৰ বাবে একাংশই ছচিয়েল মিডিয়াত বলিউদৰ অভিনেতা ছলমান খানকো প্ৰশংসাৰে উপচাই পেলাইছে। কিন্তু এইখিনিতে মন কৰিব লগীয়া যে ছচিয়েল মিডিয়াত বিয়পি পৰা এই খবৰ কিমান সত্য।

পশ্চিম বংগৰ ৰাণাঘাট অমৰা সবাই চৈতান ক্লাবৰ এজন সদস্য বিকী বিশ্বাসে এটা নিউজ এজেন্সীৰ সাক্ষাৎকাৰত ছলমান খানে ৰাণু মণ্ডলক ফ্লেট উপহাৰ দিয়া কথাটো  মিছা বুলি কয়।

বিকী বিশ্বাসে কয় যে, ‘আমাৰ ক্লাবৰ দুজন সদস্যই ৰাণাঘাট ৰেইলৱে ষ্টেশ্যনত ৰাণুৱে গোৱা এটা গান ভিডিঅ’ কৰিছিল আৰু পিছলৈ সেই গানটো ভাইৰেল হৈ পৰিছিল। আৰু তেতিয়া পৰাই আমি ৰাণুক চোৱাচিতা কৰি আছো।’

লগতে তেওঁ কয় যে ‘আমি বৰ্তমানলৈকে ৰাণু মণ্ডলৰ মুখত ছলমান খানে ফ্লেট উপহাৰ হিচাপে দিয়া বুলি শুনা নাই। এইটো ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱা এটা ভুৱা বাতৰি।’