আৰক্ষী অধীক্ষক জিপি সিঙক সকীয়নী আলফা(স্বা)ৰ

দেওবাৰে সংযুক্ত মুক্তি বাহিনী, অসম(স্বা) নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলী গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰে।

এই ঘটনা সন্দৰ্ভত আলফা(স্বা)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তি যোগে কয় , ‘‘জনগণৰ লগতে অসম আৰক্ষীক আমি জনাওঁ যে উক্ত মহিলাগৰাকীৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পৰ্ক নাই। গতিকে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ নামত থলগিৰি ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক।”

আনহাতে, দেওবাৰে শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ এগৰাকী ব্যক্তিক একেই কাৰণত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ অভিযোগত হেম চুতীয়াৰ ভৰিত গুলী কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত এটা ইতিমধ্যে এটা ফেচবুক পোষ্ট প্ৰচাৰ কৰিছে আৰক্ষী সঞ্চালক জিপি সিঙে।

আলফা(স্বা)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা একেটা বিবৃতে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “উক্ত ব্যক্তিগৰাকীক সংযুক্ত মুক্তি বাহিনী(স্বা)-এ ধন সংগ্ৰহৰ বাবে নিয়োগ কৰা নাছিল। আলফা(স্বা) নাম লৈ কোনো দুষ্টচক্ৰই হয়তো তেখেতক ব্যৱহাৰ কৰিব পাৰে। গতিকে অসম আৰক্ষীয়ে কোনো ধৰণৰ বাদ-বিচাৰ নকৰি আমাৰ সংগঠনৰ সদস্য বুলি জধে-মধে ভুৱা এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰাতকৈ অসমৰ থলগিৰি জনগণৰ কৰ-কাটালেৰে জমা হোৱা ৰাজকোষৰ কোটি-কোটি টকা আন্যায়ভাৱে আত্মসাৎ কৰা বঙাইগাঁৱৰ এচিএছ বিষয়া বিশ্বজিৎ গোস্বামী, মৃণালক্ৰান্তি সৰকাৰ দৰে দুৰ্নীতিগ্ৰস্ত ব্যক্তি আৰু কয়লা, বামীজ চুপাৰিৰ চিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়া মিলন বুঢ়াগোহাঁই, লাচিত গগৈ লগতে তেওঁলোকে প্ৰকাশ কৰা আৰক্ষী তথা চৰকাৰী বিষয়া সকলক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক।’’

“উল্লেখ্য যে, যোৱা বছৰৰ এপ্ৰিল মাহত শিৱসাগৰৰ সূৰুজ গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছিল। ডি জি পি জ্ঞানেন্দ্ৰ প্ৰসাদ সিঙে বাৰে বাৰে অসমৰ থলগিৰি ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্ৰদৰ্শন কৰা হয় বন্ধ কৰক, নহয় অসম এৰক। এয়া আমাৰ শেষ সকিয়নী।” লগতে আলফা(স্বা)ই কয়।

এইদৰে আলফা(স্বা)ই অসম আৰক্ষীক সকিয়নী দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পুষ্পাঞ্জলী গগৈ আৰু হেম চুতীয়াৰ বিষয়টো ৰহস্যঘন পৰিছে।

সম্পৰ্কিত খবৰঃ  ডিব্ৰুগড়ত ৩ লাখ টকাসহ আটক আলফা (স্বাধীন)ৰ মহিলা লিংকমেন

সম্পৰ্কিত খবৰঃ জিপি সিঙৰ ফেচবুক পোষ্ট : মৰাণত আৰক্ষীৰ গুলীত আহত আলফা(স্বাঃ)ৰ লিংকমেন