• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপ্ৰাদেশীকৃত শিক্ষকসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্তৰ চৰকাৰে : সংবাদমেলত অভিযোগ ৰকিবুল হুছেইনৰ

০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ভেন্সাৰ শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ বন্ধ কৰি দিছে। দয়া-মায়াহীন মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি, পোছাক আদি বন্ধ কৰি দিছে। এনে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে চাইকেল কেইখনো নিদিলে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 5:13 pm
474
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ভেন্সাৰ স্কুলৰ কেইবাহাজাৰ শিক্ষক-কৰ্মচাৰীয়ে দিনটো আনৰ সন্তানক জ্ঞানৰ পোহৰ বিলায়। কিন্তু নিজৰ সন্তানক এসাঁজ খুৱাই এসাঁজ লঘোণে ৰাখে। এইসকল শিক্ষকৰ সন্তানে শিক্ষা  আধাতে সাং কৰিব লগা হৈছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে উজনি, নামনি, বৰাকৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ দুখ-দুৰ্দশাই কুলাই-পাচিয়ে নধৰা হৈছে। আজি এক সংবাদমেলত এইদৰে কয় বিৰোধী উপ-দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে। 

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কৰ্ম-কাণ্ডক চোকা ভাষাৰে সমালোচনা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু কয় যে দিনৰ দিনটো  শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন-যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰুৰতাৰ  বাবে এতিয়া অন্ধকাৰময় জীৱন কটাবলগীয়াত পৰিছে। মৌলিক প্রয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ লগতে সন্তানৰ পঢ়া-শুনাৰ খৰছৰ বাবে শিক্ষকে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিবলগীয়া হোৱাতা অতিশয়  দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে হুছেইনে। 

“বহু শিক্ষকে টেম্প’, ই-ৰিক্স৷ পৰ্যন্ত চনাবলগীয়া হৈছে। দিন হাজিৰা কৰিবলগীয়া হৈছে। বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মহত্যা কৰিছে। বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে হাতত অর্থ নোহোৱাৰ বাবে বিনা বেতনেৰে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ 

৩০-৩২ বছৰ বিনা বেতনে ভৈন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আঁকোৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে, এইসকল শিক্ষকৰ সামজিক মৰ্যদাও হানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।” – প্ৰাক্তন মন্ত্ৰী হুছেইনে কয়। 

একেখন সংবাদমেলতে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে আৰু কয় যে অসমৰ ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহ-খেৰ আদি বৰঙণি দি নিজেই পতা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানকেইখনো এতিয়া ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 

নাগপুৰৰ নিৰ্দেশনাত চলা অসমৰ বিজেপি চৰকাৰে কুটিল ষড়যন্ত্ৰ কৰি অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানকেইখনক নিঃশেষ কৰিব খুজিছে বুলিও কয় হুছেইনে ৷

তেওঁ আৰু কয়, “আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বাবে ভেন্সাৰ স্কুলৰ ২০ হাজাৰ শিক্ষক-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে অৰ্ধাহাৰে-অনাহাৰে দিন কটাইছে। অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী আৰু তেওঁলোকৰ

পৰিয়ালৰ ন্যাৰ্য্য প্ৰাপ্তিৰ হকে অসম প্ৰদেশ কংগ্ৰেছে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব।”

লগতে ৰকিবুল হুছেইনে কয় যে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলৰ মাজত বিজেপি চৰকাৰে বৈষম্যমূলক আচৰণ কৰা বাবেই ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইন সংশোধনৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। সকলো অপ্ৰাদেশীকৃত বিদ্যালয়ক সাঙুৰি নোলোৱা বাবেই আইনখনৰ আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণৰ ভিত্তিবৰ্ষ ১-১-২০০৬ চনৰ আগত প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় ২৩১৯ খন শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবী জনাইছিল কংগ্ৰেছে। ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ জৰিয়তে চৰকাৰক ন্যায় প্ৰদান কৰিবলৈয়ো কংগ্ৰেছে দাবী জনাই আহিছে। 

সংবাদমেলত হুছেইনে কয় যে শিক্ষক-কৰ্মচাৰীৰ প্ৰতিনিধিয়ে ২০২২ চনৰ ২০ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল। শিক্ষক-কৰ্মচাৰীৰ প্ৰতিনিধিয়ে ২০১৭-১৮ চনৰ পদ প্ৰাদেশিকীকৰণ আইনৰ সংশোধন আৰু ২০১৩ আৰ ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণ কৰাৰ বাবে জনোৱা দাবীক মানি লোৱাৰ প্ৰতিশ্ৰুতিও দিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু আজিলৈ মুখ্যমন্ত্ৰীয়ে কিয় সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । এনে শিক্ষানুষ্ঠানসমূহক স্বীকৃতিপ্ৰাপ্তৰ সলনি অস্বীকৃতিপ্ৰাপ্ত UDISE CODE ত  জুনিয়ৰ কলেজ, হায়াৰ ছেকেণ্ডাৰীসমূহক অপ্ৰাদেশীকৃতৰ সলনি ব্যক্তিগত খণ্ডৰ বুলি অন্তৰ্ভুক্তি কৰিছে।

এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ এইসকল দুৰ্ভগীয়া শিক্ষক, কৰ্মচাৰী আৰু শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক মানুহ বুলি গণ্য নকৰে বুলিও হুছেইনে অভিযোগ উত্থাপন কৰে। 

অপ্ৰাদেশীকৃত শিক্ষকসকলৰ মৰ্মবেদনা কংগ্ৰেছে সদায়েই অনুভৱ কৰি আহিছে বুলি উল্লেখ কৰি হুছেইনে কয়, ”মৰ্মান্তিক কথা এয়াই যে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ভেন্সাৰ শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ বন্ধ কৰি দিছে। দয়া-মায়াহীন মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি, পোছাক আদি বন্ধ কৰি দিছে। এনে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে চাইকেল কেইখনো নিদিলে। বিজেপিক মনত পেলাই দিব খুজিছোঁ যে ২০১৬ চনৰ বিজেপি দলৰ নিৰ্বচনী ইস্তাহাৰত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল জানো? নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি এইজনা মিছলীয়া মুখ্যমন্ত্ৰীয়ে পাহৰি গ’ল।” 

অসমৰ ৰাইজ আৰু ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিচলীয়া আৰু ব্যৰ্থ মুখ্যমন্ত্ৰী বুলিও হুছেইনে মন্তব্য কৰে। 

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিয়ালে বিলাসী ব্যক্তিগত শিক্ষানুষ্ঠান খুলি ধন ঘটিছে আৰু মুখ্যমন্ত্ৰীয়ে দুখীয়া-দৰিদ্ৰৰ সন্তানসকলক জ্ঞানৰ পোহৰ বিলাই অহা শিক্ষকসকলক সামাজিক আৰু আৰ্থিকভাবে হত্যা কৰিব খুজিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলক নিৰক্ষৰ কৰি ৰখাৰ ষড়যন্ত্ৰ কৰাৰ লগতে শিক্ষক আৰু ছাত্ৰক প্রতাৰণা কৰা মুখ্যমন্ত্ৰীয়ে কলংক ওৰে জীৱন লৈ ফুৰিব লাগিব বুলিও ৰকিবুল হুছেইনে কয়।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd