“আমি চোৰ ধৰো আৰু তেওঁলোকে উৎকোচ লৈ মুকলি কৰি দিয়ে’’- ঘাইপথত শুই প্ৰতিবাদ হোমগাৰ্ডৰ

ঘাইপথত যান-জঁটত স্তব্ধ যাতায়ত। বাছৰ সন্মুখত হোমগাৰ্ড শুই থকা দেখি সকলোৱে ৰৈ চাইছে! এয়া তেওঁৰ প্ৰতিবাদ। আৰক্ষীৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাবী কৰিছে গৃহৰক্ষীগৰাকীয়ে। যিসকলক তেওঁ গ্ৰেপ্তাৰ কৰিছিল, থানাৰ আৰক্ষীয়ে উৎকোচ লৈ মুকলি কৰি দিছিল। ৰাজপথত শুই তাৰেই তেওঁ প্ৰতিবাদ কৰিলে।

শনিবাৰে পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে এই ঘটনা। পথ অৱৰোধ কৰি হোমগাৰ্ডগৰাকীয়ে প্ৰতিবাদ কৰাৰ সময়তে ঘাইপথত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত হোম গাৰ্ডগৰাকীয়ে ৰাজপথত শুই প্ৰতিবাদ কৰা দেখা গৈছে। এজন আৰক্ষী বিষয়া আহি তেওঁক আঁতৰাবলৈ চেষ্টা কৰে। লগতে দেখা গৈছে যে আৰক্ষী বিষয়াগৰাকীয়ে হোমগাৰ্ডগৰাকীক লথিয়াইছে।

গৃহৰক্ষীজনে কয় যে ‘মই চোৰ ধৰো আৰু মোৰ থানাৰ বিষয়াসকলে তেওঁলোকৰ পৰা ধন লৈ অপৰাধীক মুকলি কৰি দিয়ে।‘

শনিবাৰে বিয়লি জলন্ধাৰৰ পাঠানকোট ঘাইপথত সংঘটিত হয় এই ঘটনা। সূত্ৰ অনুসৰি, শুকুৰবাৰে হোমগাৰ্ডগৰাকীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰি ভোগপুৰ আৰক্ষী থানালৈ লৈ যায়। পিছদিনা অভিযুক্তক বিচাৰি থাকোঁতে তেওঁ গম পালে যে যাক গ্ৰেপ্তাৰ কৰি আনিছিল তেওঁক মুকলি কৰি দিয়া হৈছে। ইয়াৰ পিছত ক্ষোভত ঘাইপথলৈ গৈ গৃহৰক্ষীগৰাকীয়ে প্ৰতিবাদ কৰিবলৈ ধৰে।

ভিডিঅ’টোত দেখা গৈছে যে হোম গাৰ্ডগৰাকীয়ে চাৰিলেনযুক্ত ঘাইপথত ৰছী বান্ধি আছে। ঘটনাস্থলীত এগৰাকী আৰক্ষী আহি তেওঁক ৰখাবলৈ চেষ্টা কৰে। তেনেতে হোমগাৰ্ডগৰাকী বাছ এখনৰ সন্মুখত শুই পৰে। হোমগাৰ্ডক তুলি নি থাকোঁতে আৰক্ষীগৰাকীৰ লগত তুমুল কাজিয়া আৰম্ভ হ’ল। আৰক্ষী জোৱানগৰাকীয়ে হোমগাৰ্ডগৰাকী লথিয়ায়। বাছখন হোমগাৰ্ডগৰাকীৰ কাষেৰে পাৰ হ’বলৈ চেষ্টা কৰাত হোমগাৰ্ডগৰাক উঠি বাছৰ সন্মুখত শুই পৰে।

ভোগপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘’হোমগাৰ্ডগৰাকীয়ে কাজিয়াত লিপ্ত হোৱা এজন ব্যক্তিক আটক কৰি আনিছিল। মানুহজনে জামিনৰ বাবে আবেদন কৰে আৰু জামিন পায়। সেইবাবেই তেওঁক মুকলি কৰি দিয়া হ’ল। ইয়াত কোনো উৎকোচ লোৱা হোৱা নাছিল”।