গোৱালপাৰাৰ সন্ত্ৰাস সৃষ্টিকাৰী “লাডেন’ ওৰফে “কৃষ্ণ’ৰ মৃত্যু

WhatsApp-Image-2019-11-12-at-5.18.17-PM-1024x512

কৰায়ত্ত কৰাৰ পাছত "লাডেন'। ফাইল ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰাৰ সন্ত্ৰাস সৃষ্টিকাৰী “লাডেন’ ওৰফে ‘কৃষ্ণ’ নামৰ হাতীটোৰ দেওবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হৈছে।

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দুধনৈৰ ৰংজুলিৰ পৰা ট্ৰেংকুলাইজড কৰি কৰায়ত্ত কৰা হাতীটোক প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল।

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা ১১ নৱেম্বৰত কৰায়ত্ত কৰা গোৱালপাৰাৰ সন্ত্ৰাস সৃষ্টিকাৰ বনৰীয়া হাতী ‘লাডেন’ক ১২ নৱেম্বৰত ৰংজুলিৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল।

আনহাতে,“লাডেন’ হিচাপে পৰিচিত হাতীটোৰ নাম সলনি কৰি ‘লাডেন’ৰ ঠাইত বিধায়ক হাজৰিকাই হাতীটোৰ নতুন নাম দিছিল ‘কৃষ্ণ’।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা বনৰীয়া হাতী ‘লাডেন’ক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এটা যোৱা এটি অভিযানকাৰী দলে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।

দলটোৰ সৈতে যোৱা চিকিৎসকে হাতীটোক ট্ৰেংকুলাইজ কৰাৰ পাছত হাতীটোক ৰংজুলিৰ পৰা স্থানান্তৰ কৰা হৈছিল আৰু স্থানীয় লোকে এক দীৰ্ঘদিনীয়া আতংকৰ পৰা পৰিত্ৰাণ লাভ কৰিছিল।

‘লাডেন’ক কৰায়ত্ত কৰাৰ পাছতে বিধায়ক হাজৰিকাক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জনাইছিল।