বৰপেটা পৌৰসভা গঠনত হৰ্ছ ট্ৰেডিঙৰ আশংকা; অধিক আসন লাভ কৰিও শংকিত অগপ!

Barpeta Municipality.png final

সঁচাকৈয়ে হৰ্ছ ট্ৰেডিং হব নেকি বৰপেটা পৌৰসভা গঠনত! এই আশংকা ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা প্ৰতিনিধি ৰণজিৎ কুমাৰ দাসে ৷

বৰপেটা পৌৰসভা গঠনৰ দিশে আগবঢ়া অসম গণ পৰিষদ দলৰ অংকত পুনৰ আউল লাগিব নেকি তাক লৈয়েই আশংকা প্ৰকাশ কৰা হৈছে।

বৰপেটা পৌৰসভা নিৰ্বাচনৰ কালি ঘোষিত ফলাফল অনুসৰি অসম গণ পৰিষদ দল চমুকৈ অগপই ১১খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি দলে ৯ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ২ খন আসন ৷

লগতে পঢ়ক: চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

বৰপেটা পৌৰসভা গঠনৰ বাবে অগপক প্ৰয়োজন এখন আসনৰ। ইয়াৰ বিপৰীতে বিজেপিক প্ৰয়োজন হব ৩ খন আসনৰ।

বৰপেটা পৌৰসভা গঠনৰ বাবে প্ৰয়োজন হোৱা ১২ খন আসন কোনো এটা দলে লাভ নকৰাত বৰপেটা চহৰত এইবাৰ হৰ্ছ ট্ৰেডিঙৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: পঞ্জাৱ বিধানসভা নিৰ্বাচন: ৰণত পৰিল দুই হাইপ্ৰফাইল নেতা অমৰিন্দৰ সিং, চৰণজিৎ সিং চন্নী

অগপৰ নিৰ্বাচিত প্ৰতিনিধিয়ে হৰ্ছ ট্ৰেডিঙৰ আশংকা ব্যক্ত কৰিছে যদিও সঁচাকৈয়ে মিত্ৰদল অগপৰ বিৰুদ্ধে বিজেপিয়ে হৰ্ছ ট্ৰেডিঙ কৰিবনে সেয়া সময়তহে জানিব পৰা যাব ৷