NORTHEAST NOW (Assamese)

নগাঁৱৰ পুৰণিগুদামত দিনদুপৰতে চোৰে লুটিলে লক্ষাধিক টকাসহ সোণৰ আ-অলংকাৰ

March 9, 2019 8:31 pm · ভাৰ্গব হাজৰিকা

নগাঁও জিলাৰ পুৰণিগুদামৰ ব্ৰহ্মচাৰি সত্ৰৰ আমনি তিনিআলিত আজি দিনদুপৰতে সংঘটিত এক চুৰি কাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে অঞ্চলটোৰ চম্পক পাটগীৰি নামৰ এজন লোকৰ ঘৰত চোৰৰ এটা দলে পিছফালৰ দৰ্জা আৰু গ্ৰীল কাটি প্ৰৱেশ কৰি দুটাকৈ আলমিৰাৰ লগতে কেইবাটাও ড্ৰয়াৰ ভাঙি লুটি নিয়ে প্ৰায় ডেৰ লক্ষাধিক টকা আৰু বহু কেইপদ সোণৰ আ-অলংকাৰসহ আন বহু সংখ্যক মূল্যবান সা-সম্পত্তি।

দিনৰ প্ৰায় ১ বজাত সংঘটিত চুৰিকাণ্ডৰ সময়ত চম্পক পাটগীৰি নিজ কৰ্মস্থানলৈ আৰু তেওঁৰ পৰিবাৰ তেজপুৰত থকা আত্মীয়ৰ ঘৰত অনুষ্ঠিত এক মাঙ্গলিক অনুষ্ঠানলৈ গৈছিল।

পিছত চুৰিকাণ্ডৰ সম্পৰ্কে চামগুৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰে যদিও বাতৰি লিখা সময়লৈকে এই সম্পৰ্কত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related News