সৰ্থেবাৰী ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ ফোপোলা স্বৰূপ

সংবাদমেলত স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ আপৰ নেত্ৰী পুনম গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হ’ল আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈ।

আজি গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সৰ্থেবাৰীৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত এগৰাকী কৰ্মৰত চিকিৎসক অসুস্থ হৈ ঢলি পৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে।

চিকিৎসালয়খনত একেৰাহে ৭ দিন ধৰি মাত্ৰ এজন চিকিৎসকে দিনে নিশাই সেৱা আগবঢ়াবলগীয়া পৰিস্থিতি সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনা কৰে আপৰ মুখপাত্ৰ পুনম গগৈয়ে।

উল্লেখ্য যে সোমবাৰে ডাঃ আব্দুল জমিৰ আলী নামৰ চিকিৎসক জনে হাস্পতালতে অসুস্থ হৈ ঢলি পৰিছিল। এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে কয়, “বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ হিতাধিকাৰী সৃষ্টি তথা আন্তঃগাঁথনি নিৰ্মাণৰ নামত ব্যয় কৰিছে। কিন্তু স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই। স্বাস্থ্য বিভাগে ৰাজ্যৰ চিকিৎসালয় সমূহত ৰোগীৰ অনুপাতে প্ৰয়োজন অনুসৰি চিকিৎসক, নাৰ্ছ বা অন্যান্য কৰ্মচাৰীৰ অভাৱ পূৰণ কৰিব পৰা নাই। তাৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। ”

এনে অৱস্থাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সংকট দূৰ কৰাৰ বাবে দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা আৰ্হি গ্ৰহণ কৰিবলৈ আহ্বান জনায় আপৰ নেত্ৰী গৰাকীয়ে ।