শৌচাগাৰৰ কুমুডতকৈও অধিক বেক্টেৰীয়াৰ স্থান বিচনা চাদৰ আৰু আঁঠুৱা

আপাত দৃষ্টিত আমাৰ বিচনাখনৰ চাদৰখন পৰিষ্কাৰ। কিন্তু আপুনি জানেনে যে আমি চাফা বুলি ভবা বিচনা চাদৰখন কোটি কোটি বীজাণু আৰু ভেঁকুৰৰ প্ৰজননৰ স্থান? শৌচাগাৰৰ দৰেই বেক্টেৰীয়া আৰু ভেঁকুৰেৰে ঘেৰি থাকে আমাৰ বিচনা চাদৰ। শেহতীয়াকৈ এটা গৱেষণাত ধৰা পৰিছে এই ভয়ানক সত্য।

বিশিষ্ট মাইক্ৰ’বায়’লজিষ্ট জেছন টেট্ৰ’ৰ মতে সাধাৰণতে শৌচাগাৰত দেখা নোপোৱা বীজাণু আমি দিনটোৰ বেছিভাগ সময় কটোৱা বিচনাত পোৱা গৈছে। এই কথা প্ৰমাণ কৰি দেখুৱাইছে জেছন টেট্ৰে।

গৱেষণাৰ সময়ত জেচনে কিছুমান লোকক বিচনাত নতুন আঁঠুৱা আৰু বিচনা চাদৰ লগাবলৈ কৈছিল। চাৰি সপ্তাহ ধৰি বিচনা চাদৰ আৰু আঁঠুৱাবোৰ ব্যৱহাৰ কৰাৰ পিছত জেচনে চাদৰ আৰু আঁঠুৱা সমূহ মাইক্ৰস্কোপৰ সহায়ত পৰীক্ষা কৰিলে।

গৱেষণাৰ শেষত তেওঁ দেখে সেই এমাহ পুৰণি চাদৰসমূহত বেক্টেৰিয়াৰ সংখ্যা প্ৰায় কোটি কোটি হৈছেগৈ। আকৌ আঁঠুৱাত বেক্টেৰিয়াৰ পৰিমাণ চাদৰত থকাতকৈও বেছি।

জেচনে কয় যে বিচনাত থকা এনে বেক্টেৰিয়াসমূহ শৰীৰৰ ঘাম, মুখৰ লেলাৱটিৰ পৰা সৃষ্টি হয়। আৰু এই বেক্টেৰীয়া সমূহে আমাৰ শৰীৰত কুপ্ৰভাৱ পেলায়। গতিকে তেওঁ সপ্তাহত অন্ততঃ দুবাৰকৈ বিচনাৰ চাদৰ আৰু আঁঠুৱাৰ সলনি কৰিবলৈ পৰামৰ্শ দিয়ে।