২০২৫ চনৰ ১০ খন চিনেমালৈ দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কমেডী-ড্ৰামাৰ পৰা একচন-থ্ৰিলাৰলৈকে বলীউডে লৈ আহিছে মনোৰঞ্জনৰ ভাণ্ডাৰ। কেইবাখনো চিনেমাৰ মুক্তিৰ তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে।
১. ইমাৰ্জেন্সিঃ ইন্দিৰা গান্ধীৰ আৰু ভাৰতত জৰুৰীকালীন অৱস্থাৰ আধাৰত নিৰ্মাণ কৰা কংগনা ৰানাৱতৰ চিনেমা ইমাৰ্জেন্সি। এই চিনেমাখনক লৈ বহুদিন ধৰি বিতৰ্ক চলি আহিছে। ইন্দিৰা গান্ধীৰ ভাবমূর্তি কলংকিত হ’ব পাৰে বুলি দোহাই দি কংগ্ৰেছে এই ছবিখনৰ বিৰোধিতা কৰিছে৷ অৱশেষত সকলো বিতৰ্ক অতিক্ৰম কৰাৰ পিছত ১৭ জানুৱাৰীত মুক্তি পাবলৈ গৈ আছে এই ছবিখন।
২. লাহোৰ ১৯৪৭ : ১৯৪৭ চনৰ বিভাজনৰ প্ৰেক্ষাপটত আন এখন চিনেমা লৈ আহিছে ছানী দেউলে। ভাৰত-পাকিস্তান যুদ্ধৰ পটভূমিত নিৰ্মিত এই ছবিখনত ছানী দেউলৰ লগত প্ৰীতি জিন্তাই অভিনয় কৰিছে। আমিৰ খান ছবিখনৰ প্ৰডাকচনত আছে। পৰিচালক ৰাজকুমাৰ সন্তোষী।
৩. ছাভাঃ বলীউডৰ চিনেমা ছাভাই লৈ আহিছে মাৰাঠা সম্ৰাট ছাত্ৰপতি শিৱাজীৰ জ্যেষ্ঠ পুত্ৰ ছাত্ৰপতি সম্ভাজী মহাৰাজৰ কাহিনী। এই চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব বিকি কৌশলে। এই ছবিখন ১৪ ফেব্ৰুৱাৰীত মুক্তি পাব।
৪. ছিকন্দৰঃ ২০২৫ চন হ’ব ছলমান খানৰ টাৰ্ণআউট বছৰ। খানে ছবিখনৰ টিজাৰত সেই কথাৰ ইংগিত দিছিল। লাখ লাখ লোকে চিনেমাখনৰ প্ৰথম ৰূপটো ভাল পাইছিল। এই চিনেমাত ছলমানৰ লগত অভিনয় কৰিব ৰশ্মিকা মাণ্ডনা। চলিত বৰ্ষৰ মাৰ্চ মাহত, ঈদৰ সময়ত মুক্তি পাব ছিকন্দৰ।
৫. ৰেইড ২: বছৰৰ পিছত আহি আছে বিষয়া অমিত পাটনায়কৰ নতুন ছবি। ১ মে’ত মুক্তি পাব ছবিখন।
৬. হাউচফুল ৫: হাউচফুলৰ পঞ্চম খণ্ডৰ বাবে সাজিদ নাদিয়াদৱালাই কিবা এটা ডাঙৰ কথা ভাবিছে। অক্ষয় কুমাৰৰ সৈতে অভিষেক বচ্চন, ফাৰ্দিন খান, জেকলিন ফাৰ্নাণ্ডেজ, নৰ্গিছ ফাখৰীকে ধৰি বহুকেইজনে ছবিখনত অভিনয় কৰিব। চলিত বৰ্ষৰ ৬ জুনত মুক্তি পাব হাউচফুল ৫।
৭. ৱাৰ ২ : চলিত বৰ্ষৰ স্বাধীনতা দিৱসত মুক্তি পাব হৃতিক ৰোশনৰ ৱাৰৰ দ্বিতীয় খণ্ড। ১৫ আগষ্টত মুক্তি পাব ৱাৰ ২। খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণ তাৰকা জুনিয়ৰ এনটিআৰে। এই চিনেমাখন পৰিচালনা কৰিছে অয়ন মুখাৰ্জীয়ে।
৮. থামা : আয়ুষমান খুৰানা, ৰসমিকা মণ্ডনা অভিনীত এই ছবিখন এইবাৰ দীপাৱলীত মুক্তি পাব।
৯. ১২০ বাহাদুৰঃ আন এখন বায়’পিক লৈ ৰূপালী পৰ্দালৈ উভতি আহিছে ফাৰহান আখতাৰ। ২০২১ চনৰ টুফান চিনেমাত বক্সাৰৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এইবাৰ ডাঙৰ পৰ্দাত ভাৰতীয় সেনাৰ চৰিত্ৰত অভিনয় কৰিব। ১৯৬২ চনৰ ৰেজাংলা উপত্যকাত ভাৰত-চীন যুদ্ধৰ যুদ্ধৰ কাহিনী এই চিনেমাখনত বন্দী হ’ব। ২১ নৱেম্বৰত মুক্তি পাব ছবিখন।
১০. আলফাঃ যশ চোপ্ৰাৰ বহু প্ৰত্যাশিত চিনেমা আলফা চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি পাব। আলিয়া ভাট, শৰ্বাৰী ৱাগ্ৰা আছে এই চিনেমাত। এই ছবিখন চলিত বৰ্ষৰ ২৫ ডিচেম্বৰত মুক্তি পাব।