NORTHEAST NOW (Assamese)

বলিউড তাৰকা-ক্ৰিকেটাৰসকলৰ বাবে আহুকালৰ সমুখীন হৈছে ক’ভিড ৰোগীসকল, কোনে ক’লে

April 13, 2021 6:20 pm · এন ই নাও নিউজ

বলিউডৰ তাৰকা আৰু ক্ৰিকেটাৰসকলৰ বাবে মুম্বাইৰ ক’ভিড ৰোগীসকলৰ বাবে চিকিৎসালয়সমূহত বিচনাৰ অভাৱ হৈছে।

মহাৰাষ্ট্ৰৰ এজন মন্ত্ৰী আছলাম শ্বেইখে মঙলবাৰে এই ভাষ্য আগবঢ়ায়।

তেওঁ কয় যে কৰোণাভাইৰাচৰ কোনো গুৰুত্বপূৰ্ণ লক্ষণ নথকাকৈয়ে তাৰকাসকলে বিচনাসমূহ দখল কৰি আছে।

দীৰ্ঘদিন ধৰি তাৰকাসকলে ব্যক্তিগত চিকিৎসালয়সমূহত এইদৰে বিচনাসমূহ দখল কৰি থকাৰ ফলত প্ৰকৃত ক’ভিড ৰোগীসকলৰ বাবে বিচনাৰ অভাৱ হোৱা বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে যদি তাৰকাসকলে চিকিৎসালয়ত ভৰ্তি হ’বলৈ অনিচ্ছা প্ৰকাশ কৰে, তেন্তে ৰাজ্যখনে প্ৰকৃত ক’ভিড ৰোগীসকলৰ বাবে বিচনাৰ যোগাৰ কৰিব পাৰিব।

তদুপৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে কঠোৰ নিয়মাৱলী জাৰি কৰাৰ পাছতো কৰোণাভাইৰাচৰ সংক্ৰমণ শেষ হোৱা নাই, সেয়ে তেওঁ ইংগিত দিয়ে যে পৰিস্থিতি বাহাল থাকিলে অধিক কঠোৰ নিয়মাৱলী আৰোপ কৰা হ’ব।

Related News