NORTHEAST NOW (Assamese)

ভক্তপ্ৰাণ চোৰ! মন্দিৰৰ দেৱী মূৰ্তিৰ সমুখত সেৱা জনাই লুটি নিলে সকলো

August 10, 2022 12:26 pm · এন ই নাও নিউজ, গুৱাহাটী

চোৰৰ নাথাকিব কোনো ইশ্বৰ ভক্তি, তেনে কথা জানো আছে! পৰিস্থিতিৰ তাড়নাত চুৰি বৃত্তি আদৰি ল’লেও ইশ্বৰৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস অটুট ৰাখে প্ৰায় সংখ্যক লোকেই। এই বিশ্বাসকে আধাৰ কৰি আগবাঢ়ে চুৰি কাৰ্যত।

এনে এক ভক্তপ্ৰাণ চোৰৰ চুৰি কাৰ্যই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে। এই চুৰিকাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভিডিঅ’টোত দেখা পোৱা এই চুৰি কাণ্ড মধ্য প্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

জবলপুৰৰ এটা মন্দিৰত চুৰি কৰিবলৈ গৈ চোৰে দাঙি ধৰিছে ভক্তিৰসৰ নিদৰ্শন। অঞ্চলটোৰ সুখা গাঁৱত থকা মন্দিৰটোৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এজন চোৰে চুৰিৰ উদ্দেশ্যে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু চুৰি অপৰাধ কৰাৰ আগতে মন্দিৰত থকা দেৱীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সেৱা জনাইছে।

দেৱীক সেৱা জনায়ে চোৰটোৱে আগবাঢ়ে নিজৰ কাৰ্য সম্পাদনত। মন্দিৰৰ দান বাকচ তথা অন্যান্য মূল্যৱান সামগ্ৰীসহ চোৰে স্থানীয় লোকসকলে দেৱীক প্ৰদান কৰা দুটা ডাঙৰ মন্দিৰৰ ঘণ্টা আৰু নৈবেদ্যও লৈ উধাও হয়।

জানিব পৰা মতে এই ঘটনা যোৱা ৫ আগষ্টত সংঘটিত হৈছিল। মন্দিৰৰ চিচিটিভি ফুটেজৰ আধাৰতে আৰক্ষীয়ে এতিয়া চোৰটোক ধৰিবলৈ অনুসন্ধান চলাই আছে।

ইফালে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বহুলভাৱে জনপ্ৰিয় হৈ পৰিছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে এই ঘটনা সন্দৰ্ভত কৰিছে বিভিন্ন মন্তব্য।

এজন ব্যক্তিয়ে কয় যে, “যদি এজন ভক্তই ঈশ্বৰৰ বাসস্থানৰ পৰা চুৰি কৰিছে, তেতিয়া এয়া চুৰি নহয়। এজন ভক্তই কঠিন সময়ত ঈশ্বৰৰ পৰা সহায়হে বিচাৰিছে।”

আন এজন ব্যক্তিৰ মতে চোৰটোৱে এক গুলীত দুই চিকাৰ কৰিছে। একেটা সময়তে তেওঁ নিজৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তিও জীয়াই ৰাখিছে আৰু লগতে তেওঁৰ ব্যৱসায়ো চলাইছে।

Related News