চিতাক সুৰক্ষা দিব নোৱাৰিলে মোডীয়ে : আকৌ মৰিল নামিবিয়াৰ পৰা অনা চিতা ‎

দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা এজনী বাঘিনীৰ মৃত্যু হৈছে। জানিব পৰা মতে উদ্যানখনত থকা দুটা মতা চিতা বাঘৰ সৈতে হোৱা যুঁজৰ ফলত মাইকী চিতা বাঘিনীজনীৰ মৃত্যু হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নৰেন্দ্ৰ মোডীয়ে আফ্ৰিকাৰ পৰা অনা দুটাকৈ চিতাৰ মৃত্যু হৈছিল।

প্ৰকল্পটোৰ সৈতে জড়িত এজন বিষয়াই কয়, “ দুটা মতা চিতাৰ লগত যুদ্ধ হোৱাৰ পৰিণতিত প্ৰাণ হেৰুৱালে দাক্ষা নামৰ চিতা জনীয়ে।”

লগতে পঢ়কঃ ২৫ হাজাৰ কিঃমিঃ বেগৰে আহি আছে বৃহৎ গ্ৰহাণু : খুন্দা মাৰিব নেকি পৃথিৱীত!‎

মন কৰিবলগীয়া যে নামিবিয়াৰ পৰা অনা ১২টা চিতাৰ ভিতৰত এইটো যোৱা ৪০ দিনত মৃত্যু হোৱা তৃতীয়টো চিতা।

যোৱা দুমাহত দক্ষিণ আফ্ৰিকাৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা উদয় নামৰ এটা মতা চিতা আৰু ছাছা নামৰ এজনী মাইকী চিতাৰ মৃত্যু হৈছিল।

বিশেষজ্ঞসকলে কয় যে এই চিতাবোৰৰ কিছুমানে ফিটনেছ হেৰুৱাই পেলাইছিল লগতে কেইবামাহো বন্দী হৈ থকাৰ পিছত দীৰ্ঘদিনীয়া মানসিক চাপত ভুগিছিল।

লগতে পঢ়কঃ অপাৰ ধৈৰ্য শক্তি : এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষা দিবলৈ গ’ল কন্যা