NORTHEAST NOW (Assamese)

দুৰ্লভ আৱিষ্কাৰ! ডাইনোচৰক খাদ্য হিচাপে গ্ৰহণ কৰা ঘঁৰিয়াল উদ্ধাৰ

February 15, 2022 7:51 pm · এন ই নাও নিউজ, গুৱাহাটী

এটা ঘঁৰিয়াল। সচৰাচৰ আমি দেখি অহা সাধাৰণ ঘঁৰিয়াল নহয় এইটো! এইটো ঘঁৰিয়ালে সাধাৰণ জীৱ-জন্তু নাখায়। ই খায় ডাইনোচৰ। ডাইনোচৰ?

হয়, অষ্ট্ৰেলিয়াত উদ্ধাৰ হৈছে এনে এটা ঘঁৰিয়ালৰ বৃহৎ জঁকা, যিটো ঘঁৰিয়ালে আজিৰে পৰা ৯৫ মিলিয়ন বছৰৰ আগতে ডাইনোচৰ ভক্ষণ কৰিছিল। কিন্তু ডাইনোচৰটো খোৱাৰ পাছতে সি মৃত্যুমুখত পৰে।

অষ্ট্ৰেলিয়া এ’জ অৱ ডাইনোচৰ মিউডিয়ামৰ গৱেষকসকলে কৰিছে এই দুৰ্লভ আৱিষ্কাৰ। বৰ্তমান সম্পূৰ্ণ লুপ্ত এই ঘঁৰিয়ালটো কনফ্ৰেক্ট’চুকুছ চাউৰ’ক্ট’ন’ছ বুলি অভিহিত কৰা হৈছে।

সমগ্ৰ আৱিষ্কাৰটোৰ বিষয়ে জাৰ্ণাল অৱ দ্যা ইণ্টাৰনেচনেল এচ’চিয়েছন ফৰ গণ্ডৱানা ৰিচাৰ্ছ নামৰ বিজ্ঞান পত্ৰিকাখনত প্ৰকাশ কৰা হৈছে।

খননস্থলীৰ ছবি

পত্ৰিকাখনত প্ৰকাশ কৰা মতে, দেশখনৰ উত্তৰপশ্চিম অঞ্চলৰ এটা দুৰ্গম অঞ্চলত ইয়াক পোৱা গৈছে। কোমল শিলৰ গাঁঠনিৰ মাজত ই ফচিল হৈ সোমাই আছিল।

২০১০ চনতে গৱেষকসকলে ইয়াৰ খনন কাৰ্য কৰিছিল। গৱেষকসকলে ঘঁৰিয়ালৰ জঁকাটোৰ বয়স ৯৫ মিলিয়ন বুলি ধাৰণা কৰিছে। ঘঁৰিয়ালৰ জঁকাটো আৱিষ্কাৰ কৰাৰ পাছতে গৱেষকসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলায়।

অত্যাধুনিক যন্ত্ৰপাতিৰে চলোৱা এই স্কেনিং তথা পৰীক্ষাটোত ধৰা পৰে যে ঘঁৰিয়ালটোৱে এটা ডাইনোচৰ ভক্ষণ কৰিছিল। তাৰপাছতে তাৰ মৃত্যু ঘটে।

ঘঁৰিয়ালৰ জঁকাটোৰ ভিতৰত ডাইনোচৰটোৰ ভগ্ন হাঁড়ো পোৱা গৈছে। অৱশ্যে বয়স্ক ডাইনোচৰ ভক্ষণ কৰা নাছিল ঘঁৰিয়ালটোৱে। এটা পোৱালী ডাইনোচৰহে ইয়াৰ চিকাৰ হৈছিল।

গৱেষকসকলে ডাইনোচৰটোৰ ওজন ১.৭ কেজি বুলি ধাৰণা কৰিছে। ঘঁৰিয়ালটোৰ শৰীৰৰ ৩৫ শতাংশ আৱিষ্কাৰ কৰা গৈছে। অৱশ্যে ইয়াৰ হাতোৰা আৰু নেজডালৰ সম্ভেদ পোৱা হোৱা নাই।

অনুমান কৰা হৈছে যে মৰাৰ সময়ত ঘঁৰিয়ালটো ২ মিটাৰ ৫ ফুট দৈৰ্ঘৰ আছিল। ঘঁৰিয়ালটোৰ মৃত্যুৰ কাৰণৰ ব্যাখ্যাও দাঙি ধৰিছে গৱেষকসকলে।

তেওঁলোকে অনুমান কৰিছে যে এটা ডাইনোচৰ ভক্ষণ কৰাৰ কৌশলৰ বিষয়ে ঘঁৰিয়ালটোৰ জ্ঞান নাছিল। সেইবাবেই ডাইনোচৰটো পেটলৈ যোৱাৰ পাছতে ই মৃত্যুমুখত পৰে।

সম্প্ৰতি বিশ্বজুৰি তুমুল আমোদৰ সৃষ্টি কৰিছে এই ঘঁৰিয়ালটোৱে। ইয়াক ডাৰউইনৰ বিবৰ্তনবাদৰ এটা উল্লেখযোগ্য আৱিষ্কাৰ বুলিও গণ্য কৰা হৈছে।

Related News