ঘটিটোৰ দৰে আছিল মূৰৰ আকৃতি। যাৰ বাবে তেওঁক নাম দিয়া হৈছিল ঘটোৎকচ। ঘটোৎচক আছিল দ্বিতীয় পাণ্ডৱ ভীম আৰু হিড়িম্বাৰ পুত্ৰ।
ঘটোৎকচ মহাভাৰতৰ এক বীৰ চৰিত্ৰ আছিল। এই যাদুকৰী শক্তিৰ অধিকাৰী আছিল ঘটোৎকচ।
মহাভাৰতৰ কাহিনী অনুসৰি কুৰুক্ষেত্ৰৰ যুদ্ধৰ চতুৰ্দশ দিনা কৰ্ণই অতিশয় শক্তিৰে যুদ্ধ কৰি কৰিছিল। কৰ্ণক বাধা দিবলৈ অপৰাগ আছিল পাণ্ডৱ সেনা। কৰ্ণৰ শৰৰ আঘাতত তচনচ হৈ পৰিছিল পাণ্ডৱ বাহিনী। তেনে অৱস্থাত কৰ্ণৰ হাতত মৃত্যু নিশ্চিত আছিল অৰ্জুনৰ।
এনে অৱস্থাত শ্ৰীকৃষ্ণই কৰ্ণক বশ কৰিবলৈ চেষ্টা কৰে। কৰ্ণৰ লগত যুদ্ধ কৰিবৰ বাবে ঘটোৎকচক মাতি আনে।
ঘটোৎকচক শ্ৰীকৃষ্ণই কয় যে পাণ্ডৱ পক্ষত মাত্ৰ ২ জনেই যোদ্ধা আছে যিয়ে কৰ্ণৰ দৰে বীৰৰ লগত যুঁজিব পাৰে। এজন স্বয়ং অৰ্জুন, আনজন ঘটোৎকচা।
তদুপৰি কৰ্ণই ইন্দ্ৰৰ পৰা অৰ্জুনক বধ কৰাৰ শক্তি লাভ কৰিছিল। কিন্তু সেই শক্তি তেওঁ মাত্ৰ ১ বাৰহে ব্যৱহাৰ কৰিব পাৰে। যাৰ ফলত সেই শক্তিৰ সমুখলৈ প্ৰেৰণ কৰা হৈছিল ঘটোৎকচক। প্ৰবল প্ৰতাপী ঘটোৎকচক বধ কৰিবৰ বাবে কৰ্ণই প্ৰয়োগ কৰিছিল অৰ্জুনক বধৰ বাবে ইন্দ্ৰৰ পৰা লাভ কৰা সেই অস্ত্ৰশক্তি। যাৰ ফলত অৰ্জুনক বধ কৰাতো অসম্ভৱ হৈ পৰিছিল কৰ্ণ। যাৰ ফলত অৰ্জুনে কৰ্ণক বধ কৰিবলৈ সক্ষম হৈছিল। অন্যথা ইন্দ্ৰৰ পৰা লাভ কৰা সেই অস্ত্ৰশক্তিৰ সহায়ত কৰ্ণৰ হাতত মৃত্যু নিশ্চিত আছিল অৰ্জুনৰ।
লগতে পঢ়কঃ ভীষ্মৰ জন্ম কাহিনী : জানো আহক, মহাভাৰতৰ এক আমোদজনক অধ্যায়ৰ বিষয়ে
লগতে পঢ়কঃ ৰাৱণৰ মৃত্যুৰ পিছত কাৰ লগত বিয়া হ’ল পত্নী মন্দোদৰী ?