মোদী চৰকাৰৰ ‘সবকে সাথ সবকা বিকাশ’ শ্ল’গানৰ প্ৰকৃত ৰূপ : এতিয়াও ভঙা পঁজাতে আছে বহুলোক

চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত টীয়কৰ ৰজাবাৰীৰ এটা পৰিয়ালৰ দুৰ্দশা; চকুপানী ওলাব সহস্ৰজনৰ

Screenshot_2020-08-09-13-29-09_1

‘সবকে সাথ,সবকা বিকাশ’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিজেপিৰ তৃণমূলৰ কৰ্মীজনলৈকে সকলোৰে মাজত বহুল প্ৰচাৰিত এটা বাণী।

সাধাৰণ ৰাইজক মোহাচ্ছন্ন কৰি এই বাণীৰ লগতে পৰিবৰ্তনৰ শ্ল’গান আওৰাই শাসনৰ বাঘজৰি লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসন কালত  প্ৰকৃততে হৈছেনে ‘সবকে সাথ সবকা বিকাশ’!

ইয়াৰ বাবে জগৰীয়া কোন ? যোৰহাট জিলাৰ টীয়কৰ ৰজাবাৰীৰ জিতেন নেওগৰ লগতে অন্য কেইটামান পৰিয়ালৰ আৱাস গৃহসমূহৰ জৰাজীৰ্ণ ৰূপে প্ৰমাণ কৰিব এই শ্ল’গানৰ সত্যতা।
এক অস্বাস্থ্যকৰ পৰিৱেশত এটা জৰাজীৰ্ণ ঘৰত বাস কৰা জিতেন নেওগৰ পৰিয়ালৰ বাবে আজিও নহ’ল এটা চৰকাৰী আৱাস গৃহ।

পঞ্চায়ত প্ৰতিনিধিৰ কাষত, বিধায়িকাৰ কাষত বহুবাৰ আবেদন নিবেদন কৰিও নাপালে এটা চৰকাৰী আৱাস গৃহ।

বিপৰীতে পকী ঘৰ থকা ব্যক্তিয়ে পকী ঘৰৰ কাষত নিৰ্মাণ কৰা কেঁচা ঘৰ দেখুৱাই চৰকাৰী আৱাস গৃহ লাভ কৰাৰ ৰাজহুৱা অভিযোগ পোৱা হয়।

একাংশ জনপ্ৰতিনিধিৰ সমস্যা অনুধাৱনৰ অপাৰগতাৰ বাবেই এতিয়া প্ৰহসনত পৰিণত হৈছে ‘সবকে সাথ সবকা বিকাশ’ শ্ল’গান।

নিৰ্বাচন সন্মুখত। লাভ কৰিবনে টীয়কৰ ৰজাবাৰীৰ জিতেন নেওগৰ দৰে ব্যক্তিসকলে কেন্দ্ৰীয় চৰকাৰৰ ‘সবকে সাথ সবকা বিকাশ’ প্ৰাপ্য সুবিধাসমূহ l

আজিৰ তাৰিখত ইয়াৰ উত্তৰ হয়তো নোলাব!