ৰশ্মিকা, কেটৰিনা, আলিয়া আৰু কাজ’লৰ পিছত এইবাৰ ডিপফেকৰ বলি হৈছে ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰা ।
শেহতীয়াকৈ প্ৰিয়ংকাৰ ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। কিন্তু এই ভিডিঅ’টোত প্ৰিয়ংকাৰ দৰে দেখা মহিলাগৰাকী সঁচাসচি প্ৰিয়ংকা নহয়। অথচ সাইলাখ প্ৰিয়ংকাৰ দৰেই চেহেৰা আৰু প্ৰিয়ংকাৰ দৰেই কন্ঠ।
প্ৰিয়ংকাৰ এটা পুৰণি ভিডিঅ’ বাছি লৈ তাক সম্পাদনা কৰি ভুৱা অডিঅ’টো যোগ কৰি তৈয়াৰ কৰা হৈছে এই ডিপফেকৰ ভিডিঅ’টো।
উল্লেখ্য যে, কিছুদিন আগতে অভিনেত্ৰী আলিয়া ভাটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। য’ত তেওঁৰ মুখখন সম্পাদনা কৰা হৈছিল।
ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত আন এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত কেমেৰাৰ সন্মুখত কাপোৰ খুলি থকা দেখা গৈছিল অভিনেত্ৰী কাজ’লক। এই ভিডিঅ’টোও ডিপফেকৰ দ্বাৰাই সম্পাদনা কৰা হৈছে।
আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও সাৰি নগ’ল ডিপফেক পৰা। ভাইৰেল হৈছে মোদীৰ গৰবা খেলাৰ এটা ভুৱা ভিডিঅ’।
এই ডিপফেকক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। ভুৱা ভিডিঅ’ ৰোধৰ বাবে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এই বিষয়ত এখন বৈঠক অনুষ্ঠিত কৰে। অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। ইয়াৰ উপৰিও তেওঁ এই বিষয়টোৰ ওপৰত এক্স হেণ্ডেলত এটা পোষ্টো কৰে। তাত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নতুন সংশোধিত আই টি নিয়ম প্ৰণয়ন কৰা হ’ব বুলিও তেওঁ কয়। ইয়াৰ দ্বাৰা ডিজিটেল নাগৰিকৰ সুৰক্ষা বৃদ্ধিৰ কথা বিবেচনা কৰা হ’ব।
চৰকাৰৰ মতে, ভুল তথ্য আৰু ডিপফেকৰ পৰা হাত সাৰিবলৈ ‘জিৰ’ টোলাৰেন্স পলিচি’ প্ৰৱৰ্তন কৰা হ’ব। ডিপফেকক ভাৰতীয় আইন অনুসৰি চি আৰ পিৰ ‘প্ৰৱঞ্চনা’ৰ অধীনত গোচৰ চলোৱা হ’ব।