• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবোৰ কাৰকে কাম কৰিলেই চতিয়াত এইবাৰ নুফুলে ‘পদ্ম’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2021 2:17 pm
padma hazarika

পদ্ম হাজৰিকা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চতিয়া সমষ্টিৰ ‘জনপ্ৰিয়’ বিজেপি বিধায়ক পদ্ম হাজৰিকালৈ বিজয়ৰ ক্ষেত্ৰত এইবাৰ নামি আহিছে বহু প্ৰত্যাহ্বান।

হাজৰিকাৰ সন্মুখত এইবাৰ বহুকেইটা কাৰক প্ৰত্যাহ্বান হিচাপে থিয় দিছে। প্ৰথমটো কাৰক হিচাপে পৰিগণিত হৈছে দলৰ ভিতৰচ’ৰাৰ পৰাই হাজৰিকাক মাৰিব নেকি চিপৰাং?

কিয়নো এক সুত্ৰই দাবী কৰা মতে যোৱা ৩০ জুলাই ২০২০ত সমষ্টিটোৰ চকীঘাটৰ বহু মাটি পদ্ম হাজৰিকাৰ নেতৃত্বতে বেদখলমুক্ত হৈছিল।

সেই বেদখলমুক্ত মাটিত বিজেপিৰ কাৰ্যকৰ্তাৰ পৰিৱৰ্তে পৰিয়ালৰ লোককহে অগ্ৰাধিকাৰ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে হাজৰিকাৰ বিৰুদ্ধে। সেয়েহে এইবাৰ তেওঁৰ কাষে-কাষে থকা বিজেপি নেতা-কাৰ্যকৰ্তাই ভিতৰি তেওঁক চিপৰাং মৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এয়া এক গৌণ কাৰক যদিও অন্য কেতবোৰ গুৰুত্বপূৰ্ণ কাৰকে হাজৰিকাৰ জয়ত হেঙাৰ হিচাপে থিয় দিছে।

সমষ্টিটোত হাজৰিকাৰ মূল প্ৰতিদ্বন্দী হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰী। যোৱা ২০১৬ৰ বিধানসভা নিৰ্বাচনত হাজৰিকাৰ হাতত বসুমতাৰী ১৮১৮ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। অৰ্থ্যাৎ পদ্ম হাজৰিকাই লাভ কৰিছিল ৬০,৪৪০ টা ভোট আৰু প্ৰাণেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছিল ৫৮,৬২২ টা ভোট।

তাৎপয্যপূৰ্ণভাৱে এইবাৰ চিপিআই(এম)এ সমষ্টিটোত দিয়া নাই প্ৰাৰ্থিত্ব। যোৱাবৰ্ষত চিপিআই(এম)ৰ প্ৰাৰ্থী খেমৰাজ ছেত্ৰীয়ে লাভ কৰিছিল ৪৯১৪ টা ভোট। এইবাৰ যিহেতু দলটোৱে প্ৰাৰ্থী থিয় কৰোৱা নাই সেয়েহে ভোটখিনি কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীলৈ যাৱ সেয়া একপ্ৰকাৰ নিশ্চিত।

উপৰোক্ত কাৰকটোও পদ্ম হাজৰিকাৰ বিজয়ৰ অনিশ্চয়তাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

আনহাতে, সমষ্টিটোৰ নেপালী আৰু বড়ো ভোটাৰে এইবাৰ বিশেষ ভূমিকা পালন কৰিছে। সূত্ৰ অনুসৰি কংগ্ৰেছৰ বৰছলা সমষ্টিৰ প্ৰাৰ্থী তথা ন-কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মাই নেপালী সম্প্ৰদায়ৰ ভোটখিনি কংগ্ৰেছ মহাজোঁটলৈ অনাৰ ক্ষেত্ৰত বিশেষ ভুমিকা লৈছিল।

ঠিক সেইদৰে হাগ্ৰামা মহিলাৰীয়েও বড়ো জনজাতীয় ভোট প্ৰাণেশ্বৰ বসুমতাৰীক প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভুমিকা লোৱা বুলি ইতিমধ্যে সূত্ৰত প্ৰকাশ পাইছে।

এই কাৰকটোও হাজৰিকাৰ বিজয়ৰ ক্ষেত্ৰত বিশেষ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।

আনহাতে, ৰাষ্ট্ৰীয়তাবাদী ভাৱ সম্পন্ন দলৰ নেতা হৈয়ো নিজকে জাতীয়তাবাদী বুলি পৰিচয় দিয়া পদ্ম হাজৰিকাৰ আন এক প্ৰত্যাহ্বান হ’ল আছুৰ পৰা তেওঁ লাভ নকৰিলে কোনোধৰণৰ সমৰ্থন।

কা আন্দোলনৰ সময়ত সমষ্টিটোৰ বহুকেইগৰাকী আছুৰ মহকুমা পৰ্য্যায়ৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে জেইললৈ প্ৰেৰণ কৰা হৈছিল বুলি সুত্ৰটোৱে দাবী কৰে।

এনে বহু কাৰক ইতিমধ্যে পদ্ম হাজৰিকাৰ সন্মুখত থিয় দিছে যদিও এই প্ৰত্যাহ্বানসমূহ নেওচি কেনেদৰে জয়ৰ মুখ দেখা পায় সেয়া ২ মে’ৰ ফলাফলত স্পষ্ট হৈ পৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd