‘’কা’ ৰ বিৰোধিতা কৰাসকল হয় ভাৰত-বিৰোধী নহয় বাঙালী-বিৰোধী’’

West-Bengal-BJP-chief-Dilip-Ghosh-1140x570

পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষৰ ফাইল ফটো। ফটো সৌজন্য: ডি এন এ ইণ্ডিয়া

পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষে দেওবাৰে কয় যে চৰকাৰে ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা এক কোটি বাংলাদেশী মুছলমানক ঘুৰাই পঠাব।

ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন জনসভাত ভাষণ দি ঘোষে দাবী কৰে যে যিসকল লোকে নাগৰিকত্ব সংশোধনী আইন(CAA),২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে তেওঁলোক ‘বাঙালী-বিৰোধী’।

‘’কা’ৰ যিসকলে বিৰোধিতা কৰি আছে তেওঁলোক হয় ভাৰত-বিৰোধী নহয় বাঙালী-বিৰোধী। তেওঁলোক ভাৰতৰ ধাৰাণাৰ বিৰোধী সেই বাবে তেওঁলোকে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে,’’-তেওঁ লগতে কয়।

ৰাজ্যখনৰ বিজেপিৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে অবৈধ বাংলাদেশী মুছলমানে চৰকাৰৰ প্ৰতি কেজি দুটকীয়া চাউলৰ ৰাজসাহায্য ‘’কাঢ়ি নিছে’’।

ঘোষৰ মতে তেওঁলোক ৰাজ্যখনত অশান্তি সৃষ্টিৰ সৈতেও জড়িত।

ঘোষে এই মন্তব্য কৰিছে মাত্ৰ তেওঁ এদিন পূৰ্বে কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক গুলীয়াব লাগে আৰু লাঠীৰে কোবাব লাগে বুলি দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পাছেত।

তেওঁ লগতে দাবী কৰিছিল যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰে সম্পত্তি ধ্বংস কৰা বাবে প্ৰতিবাদকাৰীক ‘কুকুৰ’ৰ দৰে গুলীয়াইছে আৰু বেংগলতো একেধৰণৰ ব্যৱস্থা লোৱাৰ দাবী তুলিছিল।

আনহাতে, দেওবাৰে ঘোষে লগতে কয় যে এনে লোকক ‘’কেতিয়াও ৰেহাই দিব নালাগে’’।

‘’যিসকলে ৰাজ্যখনত ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে গুলীয়াই মাৰিব লাগে। মই এইটো ভাষণত কওতে বিৰোধীয়ে ইয়াক লৈ যথেষ্ট হুলস্থুল কৰিছিল। মই সেই কথা পুনৰ কওঁ যে যিসকলে ৰাজহুৱা সম্পত্তি ধ্বংস কৰে তেওঁলোকক গুলীয়াই মৰা উচিত। কাকো ৰেহাই দিব নালাগে,’’-তেওঁ কয়।

ঘোষে লগতে কয় যে ধৰ্মীয় নিৰ্যাতনৰ বাবে পলাই অহা হিন্দু শৰণাৰ্থীৰ স্বাৰ্থক সমৰ্থন কৰাৰ বাবে সাম্প্ৰদায়িক হিচাপে অভিহিত কৰাত তেওঁৰ কোনো অনুতাপ কৰিবলগীয়া নাই।

তেওঁ লগতে দাবী কৰে যে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গেৰুৱা দলটোৱে যে গঠন কৰিব তাক লৈ তেওঁ নিশ্চিত।