পঞ্জশিৰ দখলৰ দাবী প্ৰত্যাখ্যান বিৰোধীৰ; তালিবানৰ ঘাটিত ৰহস্যময় বিমানৰ আক্ৰমণত নিহত বহু সন্ত্ৰাসবাদী

WhatsApp Image 2021-09-07 at 10.06.14 AM

আফগানিস্তানত প্ৰতিৰোধৰ শেষ ঘাটি হিচাপে পৰিচিত পঞ্জশিৰ দখল কৰাৰ দাবী কৰিছে তালিবান বাহিনীয়ে। সোমবাৰে পঞ্জশিৰ দখলৰ পাছত তাত তালিবানৰ যোদ্ধাসকলে পতাকা উৰুওৱা ভিডিঅ’ও দেখা গৈছে।

কিন্তু তালিবানৰ এই বিজয়ৰ দাবী প্ৰত্যাখ্যান কৰিছে ইয়াৰ প্ৰতিৰোধ বাহিনী নেশ্যনেল ৰেজিষ্টেন্স ফ্ৰন্ট বা এন আৰ এফে।

প্ৰতিৰোধ বাহিনীৰ নেতা আহম্মদ মাছুদে কয় যে পঞ্জশিৰৰ সকলোবোৰ কৌশলগত অৱস্থানত প্ৰতিৰোধ বাহিনীৰ যোদ্ধাসকলে তালিবানৰ বিৰুদ্ধে যুদ্ধ চলাই আছে।

ইয়াৰ মাজতে পঞ্জশিৰত তালিবানৰ ঘাটিত আক্ৰমণ চলায় এখন ৰহস্যময় যুদ্ধবিমানে। এই আক্ৰমণত বহুকেইজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি কোৱা হৈছে।

সূত্ৰসমূহৰ মতে মঙলবাৰে পুৱতি নিশা পঞ্জশিৰত তালিবানৰ ঘাটিক লক্ষ্য কৰি এখন ৰহস্যময় বিমানে আক্ৰমণ চলায়। বিমানৰ পৰা প্ৰচণ্ড বোমাবৰ্ষণৰ ফলত বহুকেইজন সন্ত্ৰাসবাদী নিহত হৈছে।বিমানখন কোন বাহিনীৰ বা ক’ৰ পৰা আহিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইপিনে, পাকিস্তানী সেনাবাহিনী আৰু তালিবানৰ আক্ৰমণত পঞ্জশিৰ উপত্যকাৰ বসতি অঞ্চসমূহৰ পৰা উচ্ছেদিত হৈ পৰিছে মাছুদ বাহিনী। অৱশ্যে, তাজিক যোদ্ধাসকলে হিন্দুকুশৰ দুৰ্গম পাহাৰীয়া অঞ্চল নিজৰ নিয়ন্ত্ৰণ ৰখা বুলি কোৱা হৈছে।

সূত্ৰসমূহৰ একাংশৰ ধাৰণা যে ৰহস্যময় বিমানখন পাকিস্তানী বায়ুসেনাৰ আৰু মাছুদৰ ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ভুলতে তালিবানৰ ঘাটিত আক্ৰমণ চলায়। কিন্তু আন একাংশৰ মতে এই যুদ্ধত মাছুদক গোপনে তাজিকিস্তানে সহায় কৰিছে। সেয়ে, তাজিক বায়ুসেনায়ো এই আক্ৰমণ চলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।