বান্দৰদেৱাত ৰয়েল বেংগল টাইগাৰৰ ছালসহ তিনিজনক আটক

Royal Bengal tiger

মঙলবাৰে সন্ধিয়া বান্দৰদেৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ পেট্ৰ’ল ডিপোৰ পৰা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB), গুৱাহাটী, আৰক্ষী আৰু বন বিভাগে যুটীয়া অভিযান চলাই বাঘৰ ছাল আৰু বাঘৰ শৰীৰৰ বিভিন্ন অংশ উদ্ধাৰ কৰে।

বিষয়াসকলে জানিবলৈ দিয়া মতে, ছালখন এটা সম্পূৰ্ণ ডাঙৰ ৰয়েল বেংগল বাঘৰ আছিল।

অভিযানকাৰী দলটোৱে জব্দ কৰা বিভিন্ন সামগ্ৰী সমূহৰ ভিতৰত আছে চাৰিটা কেনাইন, ১৮ টা নখ, হাড় আৰু ১৪.৪ কিলোগ্ৰাম ওজনৰ এটা খুলি।

লখিমপুৰ বিভাগৰ অন্তৰ্গত হাৰমুটি ৰেঞ্জ, অসম আৰক্ষী, অৰুণাচল বন আৰু আৰক্ষী বিভাগে বিশেষ তথ্যৰ ভিত্তিত অভিযান চলাই এই সামগ্ৰীবোৰ জব্দ কৰা হৈছিল। WCCB SRO, গুৱাহাটীৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালকে এই অভিযানৰ তদাৰক কৰিছিল।

অভিযানকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ সামগ্ৰীসহ তিনিজন লোকক আটক কৰে।

ধৃত ব্যক্তি কেইজনক অৰুণাচল প্ৰদেশৰ টেপ ইয়মচা, নয়নয় ইয়মচা আৰু অসমৰ প্ৰবীণ ডলী বুলি চিনাক্ত কৰা হৈছে।

“প্ৰাথমিক জেৰাত অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ অন্তৰ্গত গাওঁবোৰত গৰু চিকাৰৰ প্ৰতিশোধ মূলকভাৱে বাঘটো চিকাৰ কৰা হৈছিল বুলি পোহৰলৈ আহিছে। গোচৰটো পৰৱৰ্তী তদন্তৰ বাবে হাৰমটি ৰেঞ্জক হস্তান্তৰ কৰা হৈছে।” এক চৰকাৰী বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।